পুনৰ গ্ৰেপ্তাৰ জেএমবিৰ সদস্য

 08/01/2019 - 15:54

বজালীঃ এজনৰ পিছত এজনকৈ গ্ৰেপ্তাৰ হৈছে জেএমবি সদস্য। বুধবাৰে পুনৰ চিৰাং জিলাৰ ঢালিগাঁৱৰ পৰা হানিফ মিঞা নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মঙলবাৰে বজালীৰ কৰাগাড়ীৰ পৰা গ্ৰেপ্তাৰ কৰছিল হাফিজুৰ ৰহমান, ছৰিফুল ইছলাম আৰু ইয়াকুব আলীক। হাফিজুৰ ৰহমানৰ পৰা উদ্ধাৰ কৰা হৈছিল এটা হস্ত নিৰ্মিত পিষ্টলসহ চাৰি জাই সজীৱ গুলী।

সেই পিষ্টল আৰু ৪ জাই গুলী যোগান ধৰিছিল ঢালিগাঁৱৰ হানিফ মিঞাই। এই ৪ জন জেহাদীয়েই বৰ্ধমানত বোমা বিস্ফোৰনৰ লগত জড়িত আছিল। ইতিমধ্যে কয়াকুছিৰ ইয়াকুব আলী, ছৰিফুল ইছলাম আৰু বুধবাৰে গ্ৰেপ্তাৰ কৰা হানিফ মিঞাক বজালী মহকুমা সত্ৰ ন্যায়ধীশৰ আদালতলৈ প্ৰেৰণ কৰা হয় আৰু হাফিজুৰ ৰহমানক আৰক্ষীৰ জিম্মাত ৰখা হয়। এটা কথা লক্ষ্য কৰিব লাগিব যে স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইমানদিন বাকী। স্বাধীনতা দিৱসত কিবা কূটাঘাট সংঘটিত কৰিবলৈ যোজা কৰিছিল নেকি সেয়া তদন্তৰ পিছতহে গম পোৱা যাব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।