চাৰিগৰাকী বক্সাৰে সোণৰ পদক আনিলে ওদালগুৰিলৈ

 03/28/2019 - 18:59

ওদালগুৰিঃ গোলাঘাটত যোৱা ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াই আয়োজন কৰা পূব মণ্ডল ছাব জুনিয়ৰ ল’ৰা/ছোৱালী বক্সিং চেম্পিয়নশ্বিপত ওদালগুৰিৰ চাৰিগৰাকী বক্সাৰে সোণৰ পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

প্ৰতিযোগিতাখনত পদক অৰ্জন কৰা বক্সাৰ কেইগৰাকী হ’ল ছায়া ব্ৰহ্মা (৪২ কেজি), হিৰণ্য বড়ো(৫০), লাভলি দৈমাৰী(৩০ কেজি) আৰু এৰিকা বসুমতাৰি(৪৬ কেজি)।উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমে ১৬টা সোণ, ১০টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা পূব মণ্ডল বক্সিং চেম্পিয়নশ্বিপখনত অসম, মেঘালয়, পশ্চিমবংগ আৰু ছিকিমৰ মুঠ ৮০গৰাকী বক্সাৰে অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে সোণৰ পদক জয় কৰা ওদালগুৰিৰ চাৰিগৰাকী বক্সাৰৰ ভিতৰত তিনিগৰাকীয়েই ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেণ্টাৰৰ প্ৰশিক্ষাৰ্থী। এই সাফল্যত ওদালগুৰিবাসীৰ লগতে  ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেণ্টাৰৰ প্ৰশিক্ষকসকলো উৎফুল্লিত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।