বৰপেটাঃ বৰপেটা চহৰৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে নিৰ্বাচন আয়োগে। বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ পৰাই একপ্ৰকাৰ অধিগ্ৰহণ কৰি ৰাখিছে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্র-ছাত্ৰীসকলে নিৰ্ভৰ কৰে মহাবিদ্যালয়ৰ পাঠদানৰ ওপৰত কিন্তু নিৰ্বাচন আয়োগৰ হঠকাৰী সিদ্ধান্তৰ ফলত গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে। বহু গুৰুত্বপূৰ্ণ সময়ত মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে পাঠদানৰ ক্ষেত্ৰত ভুগি আহিছে যমৰ যাতনা।
বিগত এবছৰে মাধৱ চৌধুৰী মহাবিদ্যালয়খন নিৰ্বাচন আয়োগে অধিগ্ৰহণ কৰি ৰখাৰ ফলত মহাবিদ্যালয়খনত আজিকোপতি শ্ৰেণীসমূহত পাঠদান আৰম্ভ কৰিব পৰা নাই। পঞ্চায়ত নিৰ্বাচন তথা সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ সময়ত মহাবিদ্যালয়খনত ষ্ট্ৰং ৰুম বহুৱায়। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতো আজিকোপতি ষ্ট্ৰং ৰুম স্থানান্তৰ নকৰিলে নিৰ্বাচন আয়োগ তথা বৰপেটা জিলাৰ উপায়ুক্তই। মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে অনতিপলমে শ্ৰেণী কোঠাসমূহ খালি কৰি দিয়াৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে তথা উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল।
উল্লেখযোগ্য যে ছাত্র-ছাত্ৰীসকলৰ বিভিন্ন সময়ৰ বিভিন্ন প্ৰতিবাদকো যেন একপ্ৰকাৰ বিদ্ৰুপ কৰি আছে নিৰ্বাচন আয়োগ তথা জিলা প্ৰশাসনে। ইয়াৰ ফলত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ প্ৰতি নামি আহিছে চৰম ভাবুকি। অৱশেষত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ৰাজপথত নামিবলৈ বাধ্য হয়। মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী ছাত্র-ছাত্ৰীসকলে অনতিপলমে মহাবিদ্যালয়খনৰ ষ্ট্ৰং ৰুম আঁতৰাই মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ঘুৰাই আনিবলৈ দাবী জনায়। ছাত্র-ছাত্ৰীসকলৰ প্ৰতিবাদত একপ্ৰকাৰ স্তব্ধ হৈ পৰে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কাম-কাজ। অৱশেষত ছাত্র-ছাত্ৰীসকলে বৰপেটা ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈৰ জৰিয়তে উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ পিছতো যদি নিৰ্বাচন আয়োগ তথা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।