হাউলী মৌজা গ্ৰাম্য শৈক্ষিক উন্নয়ন সমিতি উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান সামৰণি

 08/01/2019 - 16:53

বৰপেটাৰোডঃ একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গঠিত হাউলী মৌজা গ্ৰাম্য শৈক্ষিক উন্নয়ন সমিতিৰ উদ্যোগত বিগত কেইবাবছৰ দৰে এই বেলিও বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান কায্যসূচীৰ মঙলবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে শিক্ষাবিদ ৰাম অৱতাৰ মহেশ্বৰীয়ে। তাৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূ্চীত বৃক্ষৰোপক হিচাপে অংশগ্ৰহন কৰে বৰপেটাৰোড ৰোড প্ৰেছক্লাৱৰ সম্পাদক অলকেশ বায়ন, জ্যেষ্ঠ সাংবাদিক ক্ৰমে জয়ন্ত কুমাৰ দাস, ধ্ৰুৱজ্যোতি নাথ, আব্দুল খালেক আৰু বন বিষয়া দেবেন বৈশ্য লগতে সাংবাদিক অঞ্জন জ্যোতি নাথে।

এই কাৰ্যসূচীৰ পিছত বিশিষ্ট শিক্ষাবিদ ৰাম অৱতাৰ মাহেশ্বৰী সভাপতিত্বত এখনি বিশেষ সম্বৰ্ধনা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। সভাত উদ্দেশ্য বাখ্যা কৰে হাউলী মৌজা গ্ৰাম্য শৈক্ষিক উন্নয়ন সমিতিৰ সভাপতি শিবু সৰকাৰে। উক্ত অনুষ্ঠানত বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাস, জিএলচি মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত কুমাৰ দাস, বৰপেটাৰোড আঞ্চলিক ছাত্ৰ-সন্থাৰ সম্পাদক অৰ্ণবজ্যোতি শৰ্মা, দ্ৰোণাচাৰ্য একাডেমীৰ অধ্যাপক ৰাহুল দেৱ দাসৰ লগতে শিক্ষক প্ৰণৱ আচাৰ্য্যী, জাখলিপাৰ যুৱ সমাজৰ সভাপতি লিটন ৰয় প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

উক্ত অনুষ্ঠানত হাউলী মৌজা গ্ৰাম্য শৈক্ষিক উন্নয়ন সমিতিৰ তৰফৰ পৰা পাঠদান কায্যসূচী অংশগ্ৰহণ কৰা সমূহ ছাত্ৰ-ছাত্ৰীক এখন প্ৰমাণ পত্ৰ আৰু শিক্ষাদান কৰা শিক্ষকসকলক বিশেষ সম্বৰ্ধনা লগতে হাইস্কুল/উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল লাভ কৰা কিছু ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ সভাত প্ৰতিজন বিশিষ্ট ব্যক্তিয়ে ভাষণত যুৱ চামে এনেদৰে আগবাঢ়ি অহাৰ বাবে প্ৰশংসা কৰে আৰু অঞ্চলটোৰ শিক্ষাৰ জাগৰণ অনা বুলি মত পোষণ কৰে।ইপিনে আবেলি ৩ বজাত এখনি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়৷

উক্ত অনুষ্ঠানত শিমলাগুৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া নিলভ জ্যোতি নাথে উপস্থিত থাকি সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কণ্ঠশিল্পী নীলমণি কাশ্যপ, ফিৰোজ ৰহমান আৰু ৰঞ্জন সৰকাৰে গীতৰ শৰাই আগবঢ়ায় অনুষ্ঠান জীপাল কৰি তোলে। ইপিনে একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ এনে মহান কাৰ্যক ভূয়সী প্ৰশংসা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।