08/01/2019 - 17:06
in
মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ অঞ্চলৰ বানাক্ৰান্তক চৰকাৰীভাবে ১৩ দিন পিছত ডেৰ কিলোগ্ৰামকৈ চাউল ২৫০ গ্ৰামকৈ দাইল জনে প্ৰতি বিতৰণ কৰাৰ পিছত আশ্ৰয় শিবিৰত এতিয়াও বহু অনাহাৰে থাকিব লগা হৈছে। মানকাচৰৰ ঠাকুৰানবাৰীৰ একাংশ যুবকে নিজাববীয়াকৈ শিবিৰত থকা বানাক্ৰান্তৰ মাজত খিচিৰি বনাই শিবিৰে শিবিৰে বিতৰণ কৰি ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰে।
উক্ত শিবিৰত থকা হিন্দু সম্প্ৰদায়ৰ প্ৰায় পাঁচ বন্যাৰ্তক মুছলমান সম্প্ৰদায়ৰ যুবকে গাঁঠিৰ ধন খৰচ কৰি কৰা এনে মহৎ কাৰ্য্যক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।