বিশিষ্ট শিক্ষাবিদ ড° দিব্যজ্যোতি মহন্ত ভাৰত চৰকাৰৰ অধীনস্থ সংগীত নাটক অকাডেমীৰ ইউনেস্কো কোষৰ সদস্য হিচাপে মনোনীত

 08/01/2019 - 17:14

উত্তৰ গুৱাহাটীঃ অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজ কৰ্মী, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ড° দিব্যজ্যোতি মহন্ত ভাৰত চৰকাৰৰ অধীনস্থ সংগীত নাটক অকাডেমীৰ ইউনেস্কো কোষৰ "Safeguarding the Intangible Cultural Heritage and Diverse Cultural Traditions of India" আঁচনিৰ দুবছৰীয়া কাৰ্যকালৰ বাবে গঠন কৰা বিশেষজ্ঞ কমিটিৰ এগৰাকী সদস্য কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা মনোনীত হৈছে।

ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্য আৰু বিবিধ পৰম্পৰা সংৰক্ষণৰ বাবে আঁচনি গ্ৰহণ কৰাৰ আৰু অনুদানৰ অনুমোদন জনোৱাৰ কৰ্তৃত্বপ্ৰাপ্ত এই কমিটিৰ সদস্য হিচাপে থকা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ২৩ গৰাকী শিক্ষাবিদৰ ভিতৰৰ ড° মহন্ত হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ পৰা বাছনি লাভ কৰা একমাত্ৰ ব্যক্তি। সেয়ে এই অঞ্চলৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত, সত্ৰীয়া সংস্কৃতিৰ একান্ত অনুৰাগী তথা বহু নাটক ভাওনাত অভিনয় কৰা ড° মহন্তৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব।

SEBA, SCERT আৰু বিদ্যা ভাৰতীৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি প্ৰস্তুতৰ লগত বিশেষভাৱে জড়িত বিশিষ্ট লেখক ড° মহন্ত শিক্ষাৰ্থী আৰু গণিত শিক্ষকৰ প্ৰশিক্ষণৰ ক্ষেত্ৰখনৰো এগৰাকী বিশিষ্ট সমল ব্যক্তি। অসম চৰকাৰৰ বন, পৰিৱেশ আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম শিশু শিক্ষা সমিতিৰ সম্পাদক হেমন্তধিং মজুমদাৰ, কেন্দ্ৰীয় চৰকাৰৰ ফিল্ম চেঞ্চৰ ব'ৰ্ডৰ সদস্য শৈলেন্দ্ৰ পাণ্ডেই মহন্তক অভিনন্দন জ্ঞাপন কৰি তেখেতৰ কাৰ্যকালৰ সফলতা কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।