ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট পুনৰ মুকলিৰ সিদ্ধান্তক লৈ ৰহাত প্ৰতিক্ৰিয়া

 08/01/2019 - 17:18

ৰহাঃ ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট পুনৰ মুকলি কৰাৰ সিদ্ধান্তক লৈ ৰহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সম্পৰ্কত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰহাৰ টোলগেট কোনো কাৰণতে মুকলি কৰিব নিদিয়ে বুলি হুংকাৰ দিছে। কৃষক মুক্তিৰ নগাঁও জিলা সমিতিয়ে টোলগেটৰ বিৰোধিতা কৰি প্ৰথমে বানপানীক ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি দিয়ক আৰু মূল্যবৃদ্ধি ৰোধ কৰক তাৰ পিচত টোলগেট খোলা নোখোলাৰ কথা আহিব বুলি স্পষ্ট কৰে। ইপিনে সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰহ্লাদ মছৰঙে কয় যে প্ৰথমে জৰাজীৰ্ণ ৰাষ্ট্ৰীয় পথ মেৰামতি তথা সম্পূৰ্ণ কৰি যাতায়াত সুচল কৰক তাৰ পিচত ৰাইজৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি টোলগেট মুকলি কৰক।

আনপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে সমগ্ৰ বিষয়টো কেন্দ্ৰীয় সমিতিৰ ওপৰত নিভৰ্ৰ কৰিব বুলি মন্তব্য কৰে। উল্লেখ্য যে ২০১৫ চনৰ ১৬ এপ্ৰিলত প্ৰথম বাৰৰ বাবে ৰহাৰ টোলগেট মুকলি কৰা হৈছিল যদিও বিভিন্ন সংগঠনৰ প্ৰতিবাদত প্ৰশাসনে টোলগেট বন্ধ কৰিবলৈ বাধ্য হৈছিল। কিন্তু ২০১৮ চনৰ ১২ জুলাইত সংগঠনসমূহৰ প্ৰতিবাদ নেওচি প্ৰশাসনে পুনৰ ৰহাৰ টোলগেট মুকলি কৰিছিল। সেইবাৰো কৃষক মুক্তিৰ নেতা অখিল গগৈৰ নেতৃত্বত এজেৱাইচিপিকে ধৰি সংগঠনৰ তীব্ৰ আন্দোলনত টোলগেট বন্ধ কৰিবলৈ বাধ্য হৈছিল প্ৰশাসন। কিন্তু আকৌ টোলগেটৰ প্ৰসংগ উত্থাপন হোৱাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰহাত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।