লোকসভাৰ ভোট বৰ্জনৰ হুংকাৰ মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীৰ

 03/28/2019 - 19:26

বিলাসীপাৰা: মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী-সহায়িকাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয় চৌহদ। ৰন্ধন কৰ্মী-সহায়িকাসকলৰ দৰমহা ১ হাজাৰৰ পৰিৱৰ্তে ৬ হাজাৰ টকালৈ বৃদ্ধি কৰা তথা ৰন্ধন কাৰ্য্য স্বেচ্ছাসেৱী সংস্থাক নিদিয়াৰ দাবীত ৰন্ধন কৰ্মী-সহায়িকাই পালন কৰে মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট।

ইয়াৰ পিছতো ৰাজ্য চৰকাৰখনে ৰন্ধন কৰ্মীসকলক ন্যায্য প্ৰদান নকৰে তেন্তে ৰাজ্যৰ ১লাখ ১৪ হাজাৰ ৰন্ধন কৰ্মীয়ে সমাগত লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি হুংকাৰ দিয়ে। উল্লেখ্য যে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি শ শ ৰন্ধন কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ চৌহদত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে অসম চৰকাৰক ৰন্ধন কৰ্মীয়ে সকীয়নি দিয়ে।

অতি শীঘ্ৰে তেওঁলোকৰ ন্যায্য দাবীসমূহ পূৰণ নকৰিলে ৰন্ধন কৰ্মীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালেও লোকসভাৰ ভোট বৰ্জন কৰিব। লগতে গণতান্ত্ৰিক পদ্ধতিত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। ইয়াৰ পিছতে বিলাসীপাৰা মহকুমাধিপতিৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন চাৰি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই ক্ষেত্ৰত চৰকাৰে ৰন্ধন কৰ্মী-সহায়িকাসকলৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।