বৰ্তমানো অপৰিবৰ্তিত লখিমপুৰ-ধেমাজিৰ বান পৰিস্থিতি

 08/01/2019 - 18:53

লখিমপুৰঃ ধেমাজি জিলাৰ গোগামুখ লতাক পঞ্চায়তৰ অন্তৰ্গত চুতীয়াকাৰী, ন পাম আদি কৰি প্ৰায় দহখন গাঁও বিগত এমাহ ধৰি জীয়াধল, কুমতিয়া, ন নৈ নদীৰ পানীত জলমগ্ন হোৱাৰ সমান্তৰালভাবে লখিমপুৰৰ খৰস্ৰোতা পাভ নদীৰ পানীৰ ফলত নাওবৈচা, দ'লহাট, লালুকৰ বিস্তীৰ্ণ অঞ্চল বৰ্তমানো বিভীষিকাময় পৰিস্থিতি হৈ আছে।

অন্যহাতে গৰম বন্ধ খুলিল যদিও লখিমপুৰ পানীগাঁও, আমতলা, কেইবাখনো বিদ্যালয় আৰু ধেমাজি জিলাৰ গোগামুখ লতাক পঞ্চায়তৰ অন্তৰ্গত ১০৭ নং চুতীয়াকাৰী প্ৰাথমিক বিদ্যালয়ৰ লগতে আন বহু বিদ্যালয় পানী আৰু বোকাময় হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পাঠাদানৰ পৰা ব্যাহত থাকিব লগীয়া পৰিস্থিতি সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।