স্কীল ইণ্ডিয়াৰ উদ্যোগত যুৱক-যুৱতীসকলক বিভিন্ন বৃত্তিমুখী আৰু কাৰিকৰী বিষয়ক প্ৰশিক্ষণ প্ৰদান

 08/01/2019 - 19:15

ডিজিটেল ডেস্কঃ স্কীল ইণ্ডিয়াৰ উদ্যোগত কামৰূপ জিলাৰ বিভিন্ন ঠাইত জন শিক্ষন সংস্থানে বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীসকলক বিভিন্ন বৃত্তিমুখী আৰু কাৰিকৰী বিষয়ক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত এই বৰ্ষৰ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰা হয়। যোৱা ১৬ জুলাইৰ পৰা ৩১ জুলাইলৈ ১৬ দিনীয়াকৈ অনুষ্ঠিত হয় এই প্ৰশিক্ষণ। এই প্ৰশিক্ষণত 'স্বচ্ছতা পষেক' শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে।

এই কাৰ্যসূচীত স্বচ্ছতা বিষয়ক কৰ্মশালা, সজাগতা সভা, শোভাযাত্ৰা, শ্ৰমদান, ৰাজহুৱা স্থানত চাফাই আদি ৰূপায়ন কৰে। বুধবাৰে সামৰণি পৰে এই প্ৰশিক্ষণৰ। মিৰ্জাৰ সমীপৰ দক্ষিণেশ্বৰ কালী মন্দিৰ প্ৰাঙ্গনত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে জন শিক্ষন সংস্থানৰ অধ্যক্ষ ড° দেৱদত্ত বৰকটকী, সঞ্চালক মুনীন কাকতিৰ লগতে বহুতো বিশিষ্ট ব্যক্তিসকল। সামৰণি অনুষ্ঠানত চাফ-চিকুন, বৃক্ষৰোপন আদি বিভিন্ন কাৰ্যসূচী হাতত লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।