ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত NEZCC ৰ 'গুৰু শিষ্য পৰম্পৰা' শিতানত উত্তৰ গুৱাহাটীৰ 'ৰাগশ্ৰী ওজাপালি দল'

 08/01/2019 - 19:27

উত্তৰ গুৱাহাটীঃ সংগীত চৰ্চাৰ কথা আহিলে উত্তৰ গুৱাহাটীত ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ নাম প্ৰথমে উচ্চাৰিত হয়। অধ্যক্ষা পিংকুমনি চৌধুৰীৰ তত্বাৱধানত উত্তৰ গুৱাহাটী শিলসাকোঁস্থিত ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত বহু প্ৰতিভাবান শিশুৰ লগতে যুৱক-যুৱতীয়ে সংগীত চৰ্চা কৰি আহিছে। ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত 'north east zone cultural centre' (NEZCC) ৰ 'গুৰু শিষ্য পৰম্পৰা' শিতানত উত্তৰ গুৱাহাটীৰ 'ৰাগশ্ৰী ওজাপালি দল'ৰ গুৰু হিচাপে অধ্যক্ষা পিংকুমনি চৌধুৰী নিৰ্বাচিত কৰিছে। এই উপলক্ষে আজি বিয়লি ৩.৩০ বজাত ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ চৌহদত এখন 'শুভ উদ্বোধনী' সভা অনুষ্ঠিত হয়।

উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা জ্যেষ্ঠ সাংবাদিক ভৈৱৰ শৰ্মা সভাপতিত্বত সভা অনুষ্ঠিত হয়। ডঃ হুপেশ চৌধুৰীয়ে আদৰণি বক্তব্য আগবঢ়াৱা সভাখনৰ আঁত ধৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ডঃ তাৰিণী কান্ত হালৈয়ে। গুৰু শিষ্যৰ চিনাকি পৰ্বত সুকন্নানী ওজাপালি, দেওধনী নৃত্য, গুৰু সন্মান, গতি অসম শিল্পী বঁটা আৰু দৰং ওজাপালি আৰু পৰম্পৰাগত পৰিবেশৰ কলাকেন্দ্ৰৰ সভাপতি গুৰু দ্ৰোণ ভূঞাক গুৰু বন্দনা কৰে গুৰু প্ৰাপক পিংকুমনি চৌধুৰীয়ে। নিৰ্দিষ্ট বক্তা ভাষণত সাহিত্যিক শশীধৰ শৰ্মাই অসমীয়া কলাকৃষ্টিত ওজাপালি লগতে দৰঙী কলা কৃষ্টিৰ অৱদান আৰু ভৱিষ্যত সম্পৰ্কে চমু আলোকপাত কৰে। সভা কুলেন ডেকা আৰু শচীন ভূঞাই আমন্ত্ৰিত অতিথিৰ বক্তব্য ৰাখে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।