জামুগুৰিহাটত পশু চিকিৎসা শিৱিৰঃ পশুধনৰ গৰাকীক বিনামূলীয়া ঔষধ বিতৰণ

 08/01/2019 - 20:11

জামুগুৰিহাটঃ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ঘিলাধাৰী নদীৰ বাঢ়নী পানীয়ে জামুগুৰিহাটৰ কুৰিখনৰো অধিক গাঁও প্লাৱিত কৰি তোলাৰ পাছত এতিয়া আশ্ৰয় শিবিৰ এৰি নিজ নিজ গাঁৱত উপস্থিত হৈছেগৈ বাসিন্দাসকল৷ কিন্তু ঘৰলৈ ওভতাৰ পাছতেই বানত আক্ৰান্ত হোৱা ব্যক্তিসকলৰ মাজত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ সমান্তৰালকৈ পোহনীয়া পশুধনসমূহৰ মাজতো নানান ৰোগে দেখা দিছে৷

বানত আক্ৰান্ত লোকৰ পশুধনসমূহৰ যাতে কোনো ক্ষয়-ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গৰু, ছাগলী, ম’হ, গাহৰিকে ধৰি আন পশুধনসমূহৰ মাজত দেখা দিয়া ৰোগ নিৰ্মূল কৰিবৰ বাবে জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তৰ গাঁওসমূহৰ মাজত শোণিতপুৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সৌজন্যত আৰু পানপুৰস্থিত ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত আজি বিনামূলীয়া পশু চিকিৎসা শিৱিৰৰ আয়োজন কৰে৷

জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তৰ বানপীড়িত পানপুৰঘাট, ভৈৰৱী, বিষ্ণুপুৰ, হকমা গোপচাৰ, মূড়াবস্তি গাঁৱত পশু চিকিৎসকৰ দলটোৱে পশুধনসমূহৰ ৰোগ চিনাক্ত কৰি ঔষধ পাতি বিতৰণ কৰে৷ পশু চিকিৎসক ডা° বিদ্যুৎ জ্যোতি দাসৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই বিনামুলীয়া পশু চিকিৎসা শিবিৰত ক্ষেত্ৰ সহায়ক মনজ্যোতি হাজৰিকা আৰু জাইদুল খানে গো-ধনসমূহৰ গৰাকীসকলক ঔষধ বিতৰণ কৰে৷ উল্লেখ্য যে বানপানী শুকুৱাৰ পিছতেই জামুগুৰিহাটৰ দক্ষিণ আৰু পশ্চিম প্ৰান্তৰ কেবাখনো গাঁৱত বিভিন্ন ৰোগত পশুধনসমূহ আক্ৰান্ত হোৱা দেখা পোৱা গৈছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।