সুদীৰ্ঘ ১০ বছৰৰ অন্তত দোষী সাব্যস্ত হ'ল দ্য চেণ্টিনেল কাকতৰ সম্পাদক

 03/28/2019 - 19:31

গুৱাহাটীঃ সুদীৰ্ঘ ১০ বছৰৰ অন্তত অৱশেষত দোষী সাব্যস্ত হ'ল দ্য চেণ্টিনেল কাকতৰ সম্পাদক বিকাশ শৰ্মা। বৃহস্পতিবাৰে গুৱাহাটী টাউন ক্লাৱত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দেৱজিৎ শইকীয়াই এখন সংবাদ মেল সম্বোধন কৰি এই ৰায় সম্পৰ্কে অৱগত কৰে। উল্লেখ্য যে ১০ বছৰ পূর্বেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে সংবাদ মেল যোগে এন চি হিলছৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ মূল খলনায়ক আৰ এইচ খানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন বিলাসী বাহন উপহাৰ হিচাপে দিয়া বুলি অভিযোগ তুলিছিল।

তাৰ পিছতেই এই অভিযোগৰ ভিত্তিত উত্তৰ-পূবৰ এখন আগশাৰীৰ বাতৰি কাকত দ্য চেণ্টিনেলত এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল। বাতৰি প্ৰকাশ পোৱাৰ পিছতেই মন্ত্ৰীগৰাকী মানসিক চাপত ভূগি দ্য চেণ্টিনেল কাকতৰ সম্পাদক বিকাশ শৰ্মা, কাকতখনৰ সহকাৰী সম্পাদক ৰামলাল সিনহা আৰু অমেগা প্ৰিন্টাছ আৰু প্ৰকাশকৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত মানহানি গোচৰ তৰিছিল।

উক্ত গোচৰৰ ভিত্তিত বিচাৰ প্ৰক্ৰিয়া নিয়াৰিকৈ চলিছিল। অখিল গগৈয়ে ন্যায়ালয়ত গীতাত হাত থৈ কোনো সংবাদ মেলতে এনে অভিযোগ কৰা নাই বুলি কয়। দ্য চেণ্টিনেল গোষ্ঠীয়ে অখিল গগৈয়ে কৰা এই মন্তব্য সঁচা বুলি প্ৰমাণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত মিছা বাতৰি পৰিবেশন কৰাৰ গোচৰত ন্যায়ালয়ে দোষী সাব্যস্ত কৰিলে দ্যা চেণ্টিনেল কাকতৰ সম্পাদক বিকাশ শৰ্মাক। শৰ্মাক শাস্তি হিচাপে ন্যায়ালয়ে এমাহৰ কাৰাবাস আৰু ৫ হাজাৰ টকা জৰিমনা বিহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।