পলাশবাৰীৰ জীয়াকুৰ-জেজাৰবৰীৰ কলহী নদীত থকা বাঁহৰ দলঙৰ ওপৰত ৰাইজৰ অভিনৱ প্ৰতিবাদ

 08/01/2019 - 21:08

ছয়গাঁওঃ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ জীয়াকুৰ গাঁৱত বছৰ বছৰ ধৰি এখন দলঙে ৰাইজক জীয়াতু ভোগাইছে। জেজাৰবৰী আৰু জীয়াকুৰ সংলগ্ন কলহী নদীৰ ওপৰত থকা দলংখনৰ বাবে অঞ্চলটোৰ সহস্ৰাধিক ৰাইজে যমৰ যাতনা ভূগিব লগীয়া হৈছে। প্ৰতিটো বাৰিষাতে কলহী নদীৰ বানে উটুৱাই নিয়ে এই দলংখন। তাৰ পিছতো এই সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ খবৰ ল’বলৈ আহৰি নাই। ৰাইজে অৱশেষত উপায়ন্তৰ হৈ ঘৰে ঘৰে পইছা, বাহ তুলি শাৰিৰীক শ্ৰম কৰি দলংখন মেৰামতি কৰিলে। পিছে বাৰে বাৰে দলংখনৰ বাবে চৰকাৰ কিম্বা বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিক বিষয়টো স্থানীয় ৰাইজে অৱগত কৰে যদিও প্ৰতিশ্ৰুতিক বাদে বিশেষ একো কৰা পৰিলক্ষিত ন'হল।

ৰাইজে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ উন্নয়ন তথা পৰিৱৰ্তনৰ ফোপোলা স্বৰূপ দেখি আজি বিধ্বস্ত দলংখনৰ ওপৰত দিহানাম গাই, গীতা পাঠ পঢ়ি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে পলাশবাৰী সমষ্টিৰ নহিৰা গাঁও পঞ্চায়ত আনফালে আমত'লা-জিয়াকুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কলহী নৈৰ ওপৰত থকা জীয়াকুৰ-জেজাৰবৰী দলংখনত প্ৰায় ৩০ খন গাঁৱক সংলগ্ন কৰা একমাত্ৰ বাহৰ দীঘল দলং।

কলহী নদীৰ ওপৰত থকা বাহৰ এই দলংখনৰ বাবে বছৰ বছৰ ধৰি ৰাইজে জীয়াতু ভূগিব লগীয়া হৈছে আৰু ইয়াৰ বাবে সময়ে সময়ে প্ৰতিবাদ কৰিছে ৰাইজে। বিধায়ক প্ৰণৱ কলিতাৰ ওচৰত তাঁত-বাটি কাঢ়িও সুফল নোপোৱাত আজি প্ৰতিবাদৰ অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে। কণ কণ স্কুলীয়া শিক্ষাৰ্থীৰ পৰা আবাল বৃদ্ধ বনিতা সকলো ওলাই আহি এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

ৰাইজে গাঁঠিৰ ধনেৰে প্ৰতিবাৰেই দলংখন নিৰ্মাণ কৰে যদিও বানে আকৌ উটুৱাই লৈ যায়। ৰজাঘৰীয়াক আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাত আজি অভিনৱ প্ৰতিবাদ কৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে। দলংখন অতিশীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক আহ্বান জনাইছে যদিও জনপ্ৰতিনিধি প্ৰণৱ কলিতাই গুৰুত্ব দিবলৈকে আহৰি নোপোৱাটোহে ৰাইজে ধিক্কাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।