বৰপেটাঃ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ চিকিৎসালয়ৰ আজব কাণ্ডৰ কথা পোহৰলৈ আহিছে। অভিযোগ আৰু প্ৰাপ্ত তথ্য অনুসৰি সৰুক্ষেত্ৰী সমষ্টিৰ বৰবালা নিবাসী তথা বালাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত পঢ়ি থকা আব্বাছ আলীৰ ১২ বছৰীয়া কন্যা আফিদা খাতুন জ্বৰত আক্ৰান্ত হোৱাত হাউলীৰ চিকিৎসক ডাঃ বুৰহান আলীৰ পৰামৰ্শ মতে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালত যোৱা ২৯ জুনত ১২০৭৫১/১৯ নম্বৰ মতে ভৰ্তি কৰায়। কিন্তু দুৰ্ভাগ্যৰ কথা যে ২৯ তাৰিখৰ পৰা ৩ তাৰিখলৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসা সমাপ্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি ৪ জুলাইত ঘৰলৈ পঠিয়ায়।
চিটিস্কেন, এমআৰআই আৰু তেজৰ নমুনাৰ বহুতো পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰি জাপানীজ এনকেফালাইটিচ হোৱা বুলি পৰিয়ালক সদৰি কৰি প্ৰশ্ৰাৱৰ কেথেটাৰৰ সৈতে ২৪ ঘণ্টাৰ ভিতৰত নিশ্চিত মৃত্যু হ’ব বুলি কৈ ডিচচাৰ্জ কৰি ঘৰলৈ পঠিয়ায়। কিন্তু গুৰুত্বপূৰ্ণ কথা যে যোৱা ২৭ দিনেও ছোৱালীজনীৰ মৃত্যু হোৱা নাই। বৰ্তমান ছোৱালীজনীৰ অৱস্থা কিছু উন্নীত হৈছে বুলি জানিবলৈ দিয়ে আফিদাৰ মা-দেউতা জৰুনা বেগম আৰু আব্বাছ আলীয়ে। পৰিয়ালটোৱে ছোৱালীজনীক উন্নত চিকিৎসাৰ বাবে আৰ্থিক সহায় সহযোগ আৰু পৰামৰ্শ বিচাৰিছে সচেতন মহলৰ পৰা।
সময়তহে জনা যাব বাতৰি প্ৰকাশৰ পিছত স্বাস্থ্য মন্ত্ৰী হিমম্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক (স্বতন্ত্ৰ)স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই কি ভূমিকা গ্ৰহণ কৰে। এগৰাকী চিকিৎসকৰ পৰা পোৱা পৰামৰ্শ অনুসৰি তেওঁ কয় যে ছোৱীলীজনীক ঘৰলৈ পঠিয়াই দিয়া অন্যায় হৈছে। সচেতন মহলে ইয়াৰ বিৰুদ্ধে এক সঠিক তদন্ত আৰু উচিত শাস্তিৰ দাবী তুলিছে যে কাৰ ভুলৰ বাবে ছোৱালীজনীয়ে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ সৈতে দীৰ্ঘদিনে যুঁজিবলগীয়া হৈছে। আমছুৰ বৰপেটা জিলাৰ উপ সভাপতি মো:তোতা মিঞা আৰু কয়াকুছিৰ সচেতন নাগৰিক মঞ্চৰ কৰ্মকৰ্তাসকলে ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে।