হাউলীঃ বৰপেটা জিলাৰ হাউলী পৌৰ সভাৰ ২ নং ৱাৰ্ডৰ একাংশ স্থানীয় বাসিন্দাই নিজ ইচ্ছাৰে দীৰ্ঘ দিনৰ পৰা নলা-নৰ্দমা বন্ধ কৰি ৰখাত সঘনাই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ সমস্যা হোৱা পৰিলক্ষিত হয়। ফলত উক্ত সমস্যা স্থায়ীভাৱে সমাধানৰ বাবে হাউলী পৌৰ সভা আৰু হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে উদ্যোগ লৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেদি উক্ত বৰুৱা বজাৰৰ চৌদিশে জমা হৈ থকা পানীখিনি পাইপ লাইনৰ দ্বাৰা বিটিচি ৰোডৰ তলেদি মৰা মানাহলৈ সুচল কৰি নিয়াত ইতিমধ্যে সম্পূৰ্ণ হোৱাকৈ ব্যৱস্থা হাতত লৈছে।
যি সময়ত চৰকাৰৰ স্বচ্ছ ভাৰত মিচনৰ দ্বাৰা বিভিন্ন চাফ-চিকুণৰ বাবে জনসাধাৰণক সজাগ কৰি তোলা হৈছে সেই সময়তে হাউলী বৰুৱা বজাৰৰ জমা হোৱা লেতেৰা পানী আৰু অস্বাস্থ্যকৰ পৰিৱেশত বসবাস কৰা স্থানীয় বাসিন্দাসকলক সকাহ দিয়াৰ মানসেৰে হাউলী পৌৰ সভা আৰু হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে প্ৰয়াস অব্যাহত ৰাখে আনকি হাউলী নগৰ খন আমাৰ হাউলী, সুন্দৰ হাউলী ৰূপে গঢ় দিবলৈ সকলো স্তৰৰ নাগৰিকলৈ আহ্বান জনাইছে।