শোণিতপুৰৰ জীয়াভৰলী নৈত হাতী পোৱালি উদ্ধাৰ

 03/28/2019 - 19:54

তেজপুৰঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নৈত আজি এটি আঢ়ৈমহীয়া হাতী পোৱালি উদ্ধাৰ হয়। নামেৰি বনাঞ্চলত হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নৈত কণমানি হাতী পোৱালিটো উটি অহা বন বিভাগৰ লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে৷

পাছত বনবিভাগৰ লোকে হাতী পোৱালিটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী পুন:সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।