08/02/2019 - 14:16
in
বৰপেটাঃ মহামান্য উচ্চতম ন্যায়ালয়ৰ মাধুৰী পাটিল গোচৰৰ ভিত্তিত অসমত গঠন হ’ল এছচি, এছটি, অ’বিচিৰ জাতিগত প্ৰমানপত্ৰ অনুসন্ধান কমিটী। অসম পুলিচৰ চিআইডি বিভাগে তদন্ত কৰিব প্ৰমাণ পত্ৰৰ অভিযোগ। উল্লেখ্য যে Caste Census Report 1951, 1961 আৰু পূৰ্ব পুৰুষৰ স্কুলত নাম ভৰ্ত্তিৰ পঞ্জীয়ন বহীৰ ওপৰত ভিত্তি কৰি তদন্ত হ’ব।
স্কুলত বা Caste Census Report ৰ ওপৰত ভিত্তি কৰিহে। কোনো মাটিৰ তথ্যৰ ওপৰত নহয়। এতিয়া অসমৰ বহুতো বিয়াগোম বিষয়া, ডাক্তৰ, অভিযন্তা, পঢ়ি থকা Medical aru Engineering ছাত্ৰৰ ভবিষ্যতলৈ নামিব পাৰে অন্ধকাৰ। বৰপেটা জুৰোৰাম পাঠক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষকৰ ছোৱালী বৰ্তমান অভিযান্ত্ৰিক কলেজৰ ছাত্ৰী এজনীৰো নাম তালিকাত সন্নিবিষ্ট আছে। পৰৱৰ্তী পৰ্যায়ত আৰু বিয়াগোম কিছু লোকৰ নাম সাঙোৰ খাই পৰিব এই তালিকাত।