গোগামুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল

 08/02/2019 - 14:27

গোগামুখঃ গেৰুকামুখত নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি বৃহস্পতিবাৰে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম ছাত্ৰ সন্থাই। সমান্তৰালভাৱে নদী বান্ধৰ বিৰোধিতা কৰা মূল অভিকেন্দ্ৰ ধেমাজিৰ গোগামুখত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বৃহস্পতিবাৰে গোগামুখত এক বৃহৎ জোঁৰ সমদলে গোগামুখৰ আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হয়। যিহেতু বিষয়টো উচ্চতম ন্যায়ালয়ৰ সেউজ ন্যায়ধীকৰনত বিচাৰ প্ৰক্ৰিয়া চলি আছিল আৰু সেউজ ন্যায়ধীকৰনে নদীবান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিক সেউজ সংকেত প্ৰদান কৰাৰ লগে লগে ৰাজ্যজুৰি প্ৰতিবাদৰ জুৱাৰ উঠা পৰিলক্ষিত হয়।

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহা অসমৰ সৰ্ববৃহৎ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা স্পষ্ট মত যে অসমত কেতিয়াও বৃহৎ নদীবান্ধ হ'বলৈ দিয়া নহ'ব। যেতিয়ালৈকে নামনিবাসীৰ জীৱন আৰু সম্পতি নিশ্চিত নহয় তেতিয়ালৈকে কোনো কাৰনতে বৃহৎ জলবোমা সৃষ্টি হ'বলৈ দিয়া নহ'ব। সংগঠনটোৱে বৃহস্পতিবাৰে সদৌ অসমজুৰি লোৱা জোঁৰ সমদল কাৰ্যসূচীৰে এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়নী প্ৰদান কৰিছে। গোগামুখত জোঁৰ সমদলত ধেমাজি জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে গোগামুখৰ ৰাইজে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বৃহৎ নদীবান্ধ বন্ধ কৰক, এনএইচপিচি গ' বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে গোগামুখৰ আকাশ বতাহ কঁপাই তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।