গহপুৰৰ গোপাল বস্তিত ভাগিল চত্ৰং নৈৰ মথাউৰিঃ চল্লিছৰো অধিক গাঁৱৰ যোগাযোগ বিছিন্ন

 08/02/2019 - 14:36

গহপুৰঃ গহপুৰত ফেনে ফুটুকাৰে অৰুণাচলৰ পৰা বৈ অহা পাহাৰীয়া চত্ৰং নৈৰ বাঢ়নী পানীয়ে গহপুৰৰ গোপাল বস্তিত বৃহত অংশ মথাউৰি ভাগি চল্লিছৰো অধিক গাঁৱৰ লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। মথাউৰিটো ভঙাৰ ফলত গহপুৰ কলেজগুৰিৰ পৰা অৰুণাচল সংযোগী চল্লিছখন গাঁৱৰ বৰ্তমান যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে আৰু তাৰ ফলত ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গোপাল বস্তি, গণেশ টঙিয়া, লক্ষীপুৰ, আশাবাৰী আদিকে গাঁৱৰ লোকসকলৰ যোগাযোগ বিছিন্ন হৈ পৰাত এতিয়া গাঁওবাসীৰ অৱস্থা শোচনীয় হৈ পৰিছে কিয়নো ব্যৱসায় বাণিজ্য বিভিন্ন কাৰনত গহপুৰ নগৰলৈ যাবলৈ এতিয়া কোনো উপায় নাইকিয়া অৱস্থা হৈছে।

উল্লেখ্য মথাউৰিটো ভাগি যোৱাৰ ফলত প্ৰায় সংখ্যক গাঁও জলমগ্ল হোৱাৰ ফলত কৃষি ভূমিসমূহ বৰ্তমান পানীৰ তলত থকাৰ ফলত কৃষকসকলো চিন্তিত হৈ পৰিছে। বাসগৃহসমূহতো পানী সোমোৱাৰ ফলত ৰাইজে যথেষ্ট দুৰ্ভোগ ভুগিব লগীয়া হৈছে। সঘনাই চত্ৰং নৈৰ পানীয়ে অসুবিধাৰ সৃষ্টি কৰাৰ ফলত উক্ত অঞ্চলৰ ৰাইজ দিশহাৰা হৈ পৰাৰ উপক্ৰম হৈছে। যোৱা বছৰ অসমৰ মুখ্যমন্ত্ৰীয়ে চত্ৰং নৈ পৰিদৰ্শন কৰি খুব সোনকালেই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছিল যদিও আজি পৰ্যন্ত একে অৱস্থাতে থাকিল চত্ৰং নদীখন। এতিয়া বাৰিষা আহিলেই চিন্তিত হৈ পৰে গহপুৰবাসী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।