08/02/2019 - 14:55
in
সৰুপথাৰঃ পাৰিবাৰিক কন্দলৰ বাবেই হত্যাৰ বলি হ’ল এগৰাকী বিবাহিত মহিলা। এই লোমহর্ষক ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ বৰপথাৰত। বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত ১নং প্ৰেমহৰা গাঁৱৰ সোণোৱালী মুদি নামৰ মহিলাগৰাকীক পাৰিবাৰিক কন্দলৰ বাবে বৃহস্পতিবাৰে নিশা স্বামীয়ে মদ খাই আহি মৰিয়াই মৰিয়াই হত্যা কৰে।
হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত মতিভ্ৰম হৈ পত্নীক গা ধোৱাব খুজিছিল হত্যাকাৰী স্বামীয়ে। উক্ত ঘটনাৰ সময়ত ঘৰত তেওঁৰ দুই কণমানি পুত্ৰ উপস্থিত আছিল। পুৱাই পত্নী হত্যাকাৰী যোগেন মুদি ওৰফে লাংটুুৱে বৰপথাৰ আৰক্ষী থানাত আত্মসমর্পণ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যাৱতীয় কাম-কাজ সম্পন্ন কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।