বঙাইগাঁৱত পশুধনৰ খাদ্যক লৈ অপপ্ৰচাৰ চলোৱাত প্ৰতিক্ৰিয়া ৰাইজৰ

 08/02/2019 - 15:06

অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ চিকিবিকি গাঁও পঞ্চায়তৰ চিকিবিকি গাঁৱত পশুধনৰ খাদ্য কেলেংকাৰীক লৈ অপপ্ৰচাৰ চলোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে। এই সম্পৰ্কত পঞ্চায়ত প্ৰতিনিধিয়ে কয় যে একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে কোনো ধৰণৰ পশুধনৰ খাদ্য কেলেংকাৰী হোৱা নাই।

গাঁৱত থকা ৰাজহুৱা পুখুৰীৰ বাবে ৰফিকুল ইছলামে ২বস্তা মাছৰ খাদ্য দিছিল। সেই খাদ্য ২ বস্তাকে ৰাইজে অসাবধানবশতঃ উঠাই আনে পশুধনৰ খাদ্য বুলি। পিছত বিদ্যাপুৰ আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই উক্ত মাছৰ খাদ্য ২ বেগ জব্দ কৰি আমজাদ আলী নামৰ ব্যক্তিৰ জিম্মাত দি যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।