08/02/2019 - 15:39
in
মাণিকপুৰঃ বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে বিভিন্ন ৰাস্তা ভাঙি তচনচ কৰি থৈ যোৱাৰ পিছত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগীয়া হৈছে। বিশেষকৈ সমষ্টিটোৰ মূল ৰাস্তা চাকলাৰ পৰা কীৰ্ত্তনপাৰালৈ যোৱা ৰাস্তাৰ দুই ঠাইত বানপানীয়ে ছিঙি পেলাইছে। ইয়াৰে গোলাপাৰাত নতুনকৈ হৈ থকা পকীদলঙৰ কাষতে বনাই দিয়া বাহৰ সাকো বানপানীয়ে উটুৱাই নিয়ে।
তাৰ পিছৰে পৰাই পথচাৰীয়ে এইদৰে কলগছৰ ভূঁৰেৰে পাৰাপাৰ হৈ আছে। কলগছৰ ভূঁৰৰ পৰা মাজে সময়ে মানুহ পৰি যায় বুলি জনা গৈছে। বাইক আৰু চাইকেল লৈ পথচাৰীৰ এক বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে। নিতৌ শ শ লোকৰ লগতে বহু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে পাৰাপাৰ হ’বলগীয়া হৈছে, সেয়ে শীঘ্ৰে দলংখনৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাইজে দাবী জনাইছে।