মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ দ্বাৰা তিনিদিনীয়া কৰ্মশালাৰ সফল আয়োজন

 03/28/2019 - 19:56

গুৱাহাটীঃ পুৰুষ হওঁক বা মহিলা হওঁক সকলোৰে জীৱনত সৌন্দৰ্য্যৰ গুৰুত্ব বহুত বেছি৷ তাৰ প্ৰতি লক্ষ্য ৰাখি ফেশ্বন উদ্যোগৰ বৃত্তিধাৰী মডেলসকলৰ এনে ব্যৱহাৰিক দিশ সৌন্দৰ্য্য তথা সৌন্দৰ্য্যবোধৰ উৎকৰ্ষ সাধনৰ বাবে গুৱাহাটীৰ জনপ্ৰিয় দক্ষতা বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অজিতাক্স ভেঞ্চাৰছ্ প্ৰাইভেট্ লিমিটেডে ২০১০বৰ্ষৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ খিতাপ বিজেতা উশ্বশী সেনগুপ্তাৰ দ্বাৰা তিনিদিনীয়া কৰ্মশালাৰ আয়োজন কৰে৷

 ২৫মাৰ্চ ২০১৯ তাৰিখে আয়োজন কৰা অডিচনৰ পৰা গুৱাহাটী, তেজপুৰ, শিলচৰ, তিনিচুকীয়া আদি বহুকেইখন ঠাইৰ পৰা অহা প্ৰতিযোগীসকলৰ ভিতৰত দহগৰাকী সৌভাগ্যশালী প্ৰতিযোগীক উক্ত কৰ্মশালাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। এই কৰ্মশালাটোত আত্মবিশ্বাস বৃদ্ধি, কঠন কৌশল. ৰেম্প ৱাক, সামাজিক শিষ্টাচাৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভূক্ত কৰা হৈছিল। আজিৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে আছিল ক্ৰীছটিনা জোচেফৰ মেকআপ আৰু গ্ৰ’মিঙ চেছনৰ লগত ৰাহুল বিশ্বাসৰ ফ’টোগ্ৰাফী৷ খাৰঘূলি নৱগ্ৰহৰ ফিল্ডত অনুষ্ঠিত হোৱা কৰ্মশালাখনৰ আজি অন্ত পৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।