উত্তৰ গুৱাহাটী পহৰাদাৰ আৰক্ষীয়ে বাইকসহ আটক কৰিলে দুই চোৰক

 08/02/2019 - 15:51

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটীত বাইক চোৰৰ মাৰাথান দৌৰ।  বাইক চোৰ কৰি পলায়ন কৰা জালুকবাৰীৰ দুই বাইক চোৰ শেষত আৰক্ষীৰ কব্জাত উজনি নামনি বাইক চুৰিৰে আতংক নমোৱা অসমৰ বৃহৎ চোৰৰ চৰ্দাৰ জিয়াৰুলৰ দুই সদস্যক আৰক্ষীৰ  পহৰাদাৰ দলে চকীগেটৰ পৰা  আটক কৰিছে। বিলাসী বাইকত সততে  হাত দিয়া গোৱালপাৰা লক্ষীপুৰৰ জচমদ আলী  (২৬)  আৰু ইউচুফ আলী (৩২) য়ে জালুকবাৰীৰ পৰা  ইয়ামাহা RN 5,  As01 DX 0811  আৰু  AS 01 EA1336 নতুন পালচৰ বাইক লৈ উধাও হৈছিল বাইহাটা চাৰিআলি অভিমুখে।

পিছে বৃহস্পতিবাৰে উত্তৰ গুৱাহাটী  গৌৰীপুৰ আৰক্ষীৰ মুখামুখি হ'ল গভাইত চোৰ জিয়াৰুলৰ দুই সদস্য। পলাবলৈ লোৱা দুই চোৰক আৰক্ষীয়ে আটক কৰাত ওলাল ওৰহি গছৰ ওৰ। জালুকবাৰীত নিশা চুৰি হোৱা দুখন বাইক বাইহাটাত পঠিওৱাৰ বাবদ জিয়াৰুলে দিছিল তিনিহাজাৰ টকা। ধৃত চোৰৰ ভাষ্য অনুসৰি বাইহাটাত জিয়াৰুল আৰু সহযোগীৰ হাতত অৰ্পণৰ পূৰ্বেই আৰক্ষীৰ হাতত ধৰা পৰে। বাইক চোৰৰ চৰ্দাৰ জিয়াৰুলৰ সমগ্ৰ অসমতে আছে বৃহৎ নেটৱৰ্ক। তেজপুৰৰ জিয়াৰুলে এজেণ্টৰ জৰিয়তে সমগ্ৰ অসমতে বাইক চুৰিৰ জাল পেলাই আহিছে।

চুৰি আৰু চাপ্লাইৰ বাবদ চোৰৰ পাৰিশ্ৰমিক প্ৰতি বাইকত তিনিহাজাৰকৈ ছহেজাৰ টকা। ধৃত দুই বাইক চোৰে বৰ্ণনা দিলে ৰাজ্যৰ বাইক তথা চাৰিচকীয়া বাহন চুৰিৰ আৰৰ কথা। পিছে আৰক্ষীয়ে ভু নোপোৱা কোন এই তেজপুৰৰ জিয়াৰুল? যাৰ আঙুলিৰ নাচোনত নিমিষতে মহানগৰ আৰক্ষীৰ চকুৰ পচাৰতে হৰলুকি হয় বিলাসী বাইক বাহন। বাইকসহ দুই চোৰৰ বিৰুদ্ধে এক গোছৰ ৰজু কৰি আৰম্ভ কৰিছে। জিয়াৰুলৰ চোৰৰ সাম্ৰাজ্যত আছে নেকি কোনো আৰক্ষী বিষয়াৰ বুজাবুজি। যাৰ বাবে আৰক্ষীৰ আধুনিকীকৰণেও গাৰ নোম লৰাব পৰা নাই বাইক তথা গাড়ী চোৰৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।