২০৫০ চনৰ ভিতৰত গৃহহাৰা হ’ব বিশ্বৰ ২০ কোটি লোক

 08/02/2019 - 17:01

ডিজিলেট ডেস্কঃ ২০৫০ চনৰ ভিতৰত গৃহহাৰা হ’ব বিশ্বৰ ২০ কোটি লোক। এই আশংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই। শেহতীয়াকৈ পুনৰ চৰ্চালৈ অহা গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই ইমান বৃহৎ সংখ্যক লোক গৃহহাৰা হ’ব। ২০৫০ চনৰ ভিতৰত বিশ্বৰ যি ২০ কোটি ব্যক্তি গৃহহাৰা হ’ব সেইসকলৰ ভিতৰত ২.৪০ কোটি লোক হ’ল ব্ৰহ্মপুত্ৰ, গংগা, ইৰাৱতী, চালুইন মেকং, ইয়াংতজে আৰু ইয়েলো নৈৰ উপকূলৱৰ্তী অঞ্চলৰ।

ৰাষ্ট্ৰসংঘই এই বুলিও মত প্ৰকাশ কৰিছে যে যদিহে সাগৰীয় জলপৃষ্ঠ এক মিটাৰ উষ্ণতালৈ বৃদ্ধি পায় তেন্তে নিশ্চিতভাৱে গংগা, ব্ৰহ্মপুত্ৰ অঞ্চলৰ ২.৪০ কোটি লোক গৃহহাৰা হ’ব। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি অসম প্ৰসংগত এই বুলিও ভৱিষ্যদ্বাণী কৰিছে যে হিমালয়ৰ হিমবাহ তড়িৎ গতিত গলিবলৈ ধৰাৰ সূত্ৰে ব্ৰহ্মপুত্ৰকে ধৰি অন্যান্য নদ-নদীকেইখনৰ আকস্মিক জলপৃষ্ঠ বৃদ্ধি হৈছে। অসমকে ধৰি অন্যান্য এলেকাত সৃষ্টি কৰিব সংহাৰী বানপানীৰ। অনাগত দিনবোৰত বিশ্ববাসীয়ে ভয়াৱহ বিপদৰ সন্মুখীন হ’ব বুলিও ৰাষ্ট্ৰসংঘই কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.