স্বগৃহ পালেহি মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ নশ্বৰদেহ

 08/02/2019 - 17:45

মৰাণঃ ২০০১ চনৰ পৰা একেৰাহে তিনিটাকৈ কাৰ্যকাল মাহমৰা সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন বিধায়ক, অসম চৰকাৰৰ প্ৰাক্তন সংসদীয় সচিব, প্ৰবীন ৰাজনীতিবিদ শৰৎ শইকীয়াৰ বৃহস্পতিবাৰে পুৱা ১০ বজাত কলিকতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ হৃদপিণ্ড বিজ্ঞান প্ৰতিষ্ঠান (Rabindra Nath Tagore Institute of Cardiac Science) চিকিৎসালয়ত দেহাৱসান ঘটে৷ বৃক্কজনিত ৰোগত আক্ৰান্ত প্ৰাক্তন বিধায়কগৰাকী বিগত চাৰি মাহে চিকিৎসাধীন হৈ আছিল৷ যোৱা ২০ মাৰ্চত কলিকতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত যোৱা ১৯ জুলাইত প্ৰাক্তন বিধায়কগৰাকীৰ  বৃক্ক সংৰোপন কৰা হৈছিল৷

ইয়াৰ পাছতে শেহতীয়াকৈ কিছু আৰোগ্য লাভ কৰিছিল যদিও পুৱা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে আৰু চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীন ৰাজনীতিকজনে৷ অসম চৰকাৰৰ প্ৰয়াত গড়কাপ্টানি মন্ত্ৰী দুৰ্গেশ্বৰ শইকীয়াৰ পুত্ৰ শৰৎ শইকীয়াই ১৯৭২ চনতে কংগ্ৰেছ দলত যোগদান কৰিছিল৷ ১৯৮৫ চনত মাহমৰা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজিত হৈছিল৷

১৯৯২ চনত পুনৰ কংগ্ৰেছ দললৈ ঘূৰি অহা শৰৎ শইকীয়া ১৯৯৩ চনৰ ২০ ছেপ্টেম্বৰত মৰাণ নগৰ সমিতিৰ অধ্যক্ষ নিৰ্বাচিত হৈ ১৯৯৬ চনৰ ১৩ জুনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ পাছতে প্ৰত্যক্ষ ৰাজনীতিলৈ অহা শৰৎ শইকীয়াই ২০০১, ২০০৬ আৰু ২০১১ চনত একেৰাহে তিনিটাকৈ কাৰ্যকাল মাহমৰা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷ উক্ত সময়ছোৱাত অসম চৰকাৰ গৃহ, বিত্ত আৰু শিক্ষা বিভাগৰ সংসদীয় সচিবৰ দায়িত্বও লাভ কৰিছিল প্ৰাক্তন বিধায়কজনে৷

২০১৬ বৰ্ষত পুনৰ মাহমৰা সমষ্টিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত সেই বৰ্ষৰ ২৬ মাৰ্চত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিল শৰৎ শইকীয়াই৷ ১৯৪৮ চনৰ ১১ মাৰ্চত অবিভক্ত শিৱসাগৰ জিলাৰ ডোমৰ দলং গাঁৱত জন্ম গ্ৰহণ কৰা শৰৎ শইকীয়াই শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷

ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক কামকাজৰ সৈতে জড়িত শৰৎ শইকীয়া মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিভিন্ন বিষয়ববীয়াৰ লগতে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদকৰ পদতো অধিষ্ঠিত হৈছিল৷ মৃত্যুৰ সময়ত প্ৰাক্তন বিধায়কজনে পত্নী, এক পুত্ৰ, বোৱাৰী, জী, জোঁৱাই, নাতি-নাতিনীৰ লগতে অনেক আত্মীয়-কুটুম্বক ইহসংসাৰত এৰি যায়৷

কালিৰে পৰা তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে মৰাণ নগৰস্থিত বাসগৃহত অগণন গুণমুগ্ধই ভিৰ কৰে৷ প্ৰাক্তন বিধায়কজনৰ মৃতদেহ আজি পুৱা বিমানযোগে মৰাণলৈ অনা হয়৷ মৰাণ ডোমৰ দলংস্থিত শৰৎ শইকীয়াৰ পিতৃ গৃহত শেষকৃত্য সম্পন্ন কৰা হ’ব৷ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়া মৃদেহটো লৈ শোকসন্তপ্ত মৰাণবাসীয়ে মৰাণৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈ নি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।