কামপুৰৰ শিমলুগুৰিত গড়কাপ্টানি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

 08/02/2019 - 18:13

কামপুৰঃ সোতৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ। যোৱা ২৩ জুলাইত পথটোৰে পাৰ হৈছিল গড়কাপ্টানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পথটো পাৰ হওঁতে মন্ত্ৰীজনৰ কঁকালৰ জোৰা হয়তু লৰিছিল। সেয়ে মন্ত্ৰী যোৱা আধাঘণ্টাৰ পিছতে পথত পৰিল ৰাবিচ। মন্ত্ৰী আহিল পথটোৰ কাষত দম কৰিলে দুগাড়ী ৰাবিচ। ৰাইজৰ মন আনন্দত নধৰা হ’ল।

কিন্ত এদিন দুদিনকৈ জুলাই মাহ শেষ হ’ল। কিন্ত পথৰ কাষত দম হৈ থকা ৰাবিচ পথৰ মাজলৈ নাহিল।বোকা পানীৰ মাজত ৰাইজে যাতায়ত কৰি অতিষ্ঠ হৈ পৰিল। সেয়ে শুকুৰবাৰে প্ৰতিবাদৰ আশ্ৰয় ল’লে শিমলুগুৰীবাসীয়ে। প্ৰতিবাদী ৰাইজে চৰকাৰ তথা গড়কাপ্টানি মন্ত্ৰীৰ বিৰিদ্ধে শ্ল’গান দি শিমলুগুৰিৰ আকাশ বতাহ কঁপাই তুলি পথটো অনতি পলমে নিৰ্মাণ কৰাৰ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।