নিৰ্বাচন উপলক্ষে বন্ধৰ নিৰ্দেশনা জাৰি

 03/29/2019 - 11:45

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ বাবে ১১ এপ্ৰিলত অসমৰ ১২খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, সকলো শিক্ষানুষ্ঠান, বেংকৰ লগতে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। এনআই এক্টৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা।

১১ এপ্ৰিলত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ১১ এপ্ৰিলত বন্ধ থাকিব বিশ্বনাথ, চৰাইদেউ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলা। ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ উপলক্ষে ১৮ এপ্ৰিলত কাছাৰ, দৰং, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, নলবাৰী, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলঙত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

তাৰ উপৰি, ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে উক্ত দিনা বন্ধ থাকিব বাক্সা, বৰপেটা, কামৰূপ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, দক্ষিণ শালমাৰা, কামৰূপ (মহানগৰ), কোকৰাঝাৰ আৰু ধুবুৰীত বন্ধ ঘোষণা। উল্লেখযোগ্য যে লোকসভাৰ নিৰ্বাচনত নাগৰিকসকলে ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাৱ্যস্ত কৰাত সুবিধা প্ৰদানৰ লগতে কোনো লোক যাতে ভোটাধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰবাবেই আইনী ব্যৱস্থাৰ অধীনত এই স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।