মানকাচৰঃ গ্ৰীষ্মকালীন বন্ধ শেষ হোৱাৰ পিছত ১ আগষ্টৰ পৰা শিক্ষা প্ৰতিষ্ঠানসমূহ খোলা হৈছে যদিও সীমান্ত চহৰ মানকাচৰৰ যতীন্দ্ৰ মোহন হায়াৰ ছেকেণ্ডাৰী স্কুলখন কিন্তু আজি তিনি ধৰি তলা বন্ধ। স্কুলখনত কিছুদিনৰ পূৰ্বে বন্যাৰ্তই আশ্ৰয় লৈছিল যদিও যোৱা ৩০ জুলাইত স্কুলখন খালি কৰি দিছে। কিন্তু আজি তিনিদিন ধৰি স্কুলখন ৰহস্যজনক কাৰণত বন্ধ কৰি ৰখাৰ ফলত শ শ ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে।
জানিব পৰা মত যোৱা তিনি দিন ধৰি শিক্ষাৰ্থীসকল স্কুলখনত আহিছে যদিও অধ্যক্ষকে ধৰি অধিকাংশ শিক্ষক-শিক্ষয়িত্ৰী অনুপস্থিত থকাত শিক্ষাৰ্থীসকল উভতি যাব লগা হৈছে। একাংশ শিক্ষক স্কুলত আহি আছে যদিও অধ্যক্ষগৰাকী অনুপস্থিতিৰ থকাত হাজিৰা বহীৰ পৰিৱৰ্তে বগা কাগজত চহী কৰি ঘৰলৈ উভতি যাব লগা হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন অৱগত হোৱাৰ পাছতো কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলবাসী জাঙুৰ খাই উঠিছে।