08/03/2019 - 13:28
in
জনীয়াঃ পানী শুকুৱাৰ লগে লগে বিভিন্ন বেমাৰ-আজাৰে দেখা দিয়ে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনজিঅ’ আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনে বৰপেটা জিলাৰ ভিন ভিন প্ৰান্তত আৰম্ভ কৰিছে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ কাৰ্যসূচী। এই ক্ষেত্ৰত সহাযোগিতা কৰিছে জনীয়াৰ অন্যতম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এনজিঅ’ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে।
কালি জনীয়াৰ বাংলীপাৰাত বানাক্ৰান্তৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰে জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ভা ছামাদ আলীয়ে। উক্ত শিবিৰত ফাৰ্মাচিষ্ট, স্বাস্থ্য কৰ্মীসহ এজিইউপিৰ মীৰ নজৰুল ইছলাম, ইমদাদুল মালিকে সহযোগিতা আগবঢ়ায়।