ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱোজ্বল চানেকি কাৰেংঘৰ সংৰক্ষণৰ নামত অনিয়মৰ অভিযোগ

 08/03/2019 - 13:34

নাজিৰাঃ জাতীয় ঐতিহ্যৰ বিৰল চানেকি আহোম ৰাজত্বকালৰ শিৱসাগৰ জিলাৰ গড়গাঁ‌ৱত অৱস্থিত কাৰেংঘৰ এতিয়া কদৰ্যময় হৈ পৰিছে৷ উচুপিছে কাৰেংঘৰে৷ কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ দায়িত্বহীনতা আৰু চূড়ান্ত অৱহেলাৰ বাবেই শেলুৱৈৰ প্ৰলেপেৰে চানি পেলাইছে কাৰেংঘৰৰ বেৰ-মূধচ৷ বেৰত গজি উঠিছে পৰজীৱী উদ্ভিদ৷ এসময়ৰ আহোম ৰাজত্বকালৰ ৰাজকাৰেং হিচাপে পৰিচিত এই ঐতিহ্য সম্পদ দৰ্শন কৰিবলৈ প্ৰতি বছৰেই উপস্থিত হয় অনেক দেশী-বিদেশী পৰ্যটক৷ বিগত জানুৱাৰীৰ পৰা আজি পৰ্যন্ত শতাধিক বিদেশী পৰ্যটকে দৰ্শন কৰিছে কাৰেং ঘৰ৷ বিদেশী মুদ্ৰা আহৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এই সম্পদৰ সংৰক্ষণ-সংবৰ্ধনৰ ক্ষেত্ৰত বিভাগটোৱে চূড়ান্ত কৃপণালী কৰি আহিছে৷

কাৰেংঘৰৰ দুৰৱস্থাত চিন্তিত হৈ বহুবাৰ পুৰাতত্ত্ব বিভাগৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা ধৰি বহু কেইটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ তাৰ পিছতে পুৰাতত্ত্ব বিভাগে কাৰেংঘৰটো সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাবে ২২ লাখ টকা মুকলি কৰি দিয়ে৷ কিন্তু আটাইতকৈ ডাঙৰ কথা যি জন ঠিকাদাৰক ঐতিহাসিক কাৰেংঘৰটো নিৰ্মাণৰ দায়িত্ব দিছে তেখেত ঐতিহাসিক সমল নিৰ্মাণৰ ক্ষেত্ৰত অকনো অভিজ্ঞ নহয়৷ কাৰেং ঘৰৰ বেৰৰ শেলুৱৈ, অপতৃণ চাফ-চিকুণ নকৰাকৈ কামৰ পাল মাৰিছে "দত্ত" উপাধিৰ নামৰ এজন ঠিকাদাৰে৷ পুৰণি ইটা ব্যৱহাৰ কৰিছে কাৰেংঘৰ ফাটমেলা অংশত৷

যিবোৰ ঠাইত কাষ্টনৰ পাইপ আছিল সেই ঠাইত অতি নিম্ন মানৰ প্লাষ্টিকৰ পাইপ ব্যৱহাৰ কৰিছে ঠিকাদাৰে৷ যাৰ ফলত কাম কৰা একসপ্তাহ নহওতেই পুনৰ শেলুৱৈ গজিছেে কাৰেংঘৰৰ বেৰত৷ ইয়াৰ উপৰি বহু পুৰণি এই সমলটিৰ ওপৰৰ মহলত বহু গধুৰ ইটাৰ বালিৰ দম ৰখাৰ লগতে পানী ভৰ্ত্তি ড্ৰামও ৰাখিছে "দত্ত" উপাধিৰ নামৰ ঠিকাদাৰজনে৷ আনকি এই ঐতিহাসিক "কাৰেংঘৰ"টি ৰাতি হ'লেই ডুব যায় অন্ধকাৰত। কিয়নো বৈদ্যুতিক লাইটৰ ওপৰতো গজিছে ঘাঁ‌হ-বন। ইয়াৰ পিছতো গা লৰিব নে পুৰাতত্ব বিভাগ নাইবা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ নে এই ঐতিহাসিক সমল কাৰেংঘৰৰ কোনো সৌন্দৰ্য্য নাইবা ঐতিহ্য নাইকিয়া হৈ যাব নেকি এইখন অসমৰ পৰা ইয়াকে লৈ প্ৰশ্নৰ উদয় হৈছে দল-সংগঠনৰ লগতে স্থানীয় ব্যক্তিৰো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।