প্রবল বৃষ্টিপাতৰ ফলত লামডিঙত বান

 08/03/2019 - 13:48

লামডিংঃ লামডিঙত বানৰ তাণ্ডৱ। অসমৰ বিভিন্ন অঞ্চলৰ লগতে ৰে’ল নগৰী লামডিঙতো বানৰ তাণ্ডৱ। হোজাই জিলাৰ ৰে’ল নগৰী লামডিঙত সংহাৰী ৰূপ ল’লে পাগলা নদীয়ে৷ কালি ৰাতি প্রবল বৃষ্টিপাতৰ ফলত ঝুলন পুৰ, শংকৰপল্লি, লোকো পট্টি বানৰ কবলত পৰি ৫০ ৰ পৰা ৬০ পৰিয়ালৰ সম্পত্তিৰ ক্ষতিসাধন হয়।

উল্লেখ্য যে যোৱা বছৰো প্রবল বৃষ্টিপাতৰ ফলত ক্ষতিসাধন হৈছিল অঞ্চলসমূহৰ। চৰকাৰ তথা জিলা প্রশাসনৰ তৰফৰ পৰা ক্ষতিসাধন ৰাইজৰ বাবে কি ব্যৱস্থা গ্রহণ কৰে পৰৱর্তী সময়ত এয়া হ’ব লক্ষনীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।