ডুমডুমাৰ বৰহাপজানত ৰোগীৰ ঔষধক লৈ ছিণ্ডিকেটৰাজ

 08/03/2019 - 14:12

ডুমডুমাঃ তিনিচুকীয়া জিলাত এতিয়া চলিছে ঔষধৰ ছিণ্ডিকেটৰাজ। একাংশ দুষ্টচক্ৰই নিয়ন্ত্ৰণ কৰিছে ঔষধৰ এই ছিণ্ডিকেট। শুকুৰবাৰে নিশা জিলাখনৰ বৰহাপজানত পোহৰলৈ আহে এক ঘটনা। অইল ইণ্ডিয়াৰ চিকিৎসালয়ৰ "NOT FOR SELL" লিখা বিক্ৰীৰ বাবে উপলব্ধ নোহোৱা ঔষধ ডুমডুমাৰ বৰহাপজানৰ ''M/S CHAKRABORTY Medical Hall'' নামৰ এখন ফাৰ্মাচীত বিক্ৰী কৰিবলৈ অনাৰ সময়ত কৰ্মচাৰীয়ে দেখা পায়। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীয়ে উল্লেখ কৰা অনুসৰি তেওঁ লগে লগে ছাত্ৰ সংগঠনৰ বিষয়ববীয়াক এই সম্পৰ্কে জনায়।

বৰহাপজানৰ এই ফাৰ্মাচীখনত ঔষধৰ যোগান ধৰা K.D. Drugs ৰ স্বত্বাধিকাৰী নিশাই ফাৰ্মাচীখনত উপস্থিত হয়। তিনিচুকীয়াৰ K.D. Drugs নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তাৰ চত্ৰছায়াত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে ঔষধৰ ছিণ্ডিকেটৰাজ চলাই অহাৰ অভিযোগ উঠিছে। ঔষধৰ এই ছিণ্ডিকেটৰাজ সম্পৰ্কে চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।