গুৱাহাটীত পুনৰ চোৰৰ উপদ্ৰৱ

 03/29/2019 - 12:09

গুৱাহাটী: গুৱাহাটীত বৰ্তমান বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা। কালি নিশা গুৱাহাটীৰ ডি জি পি অফিচৰ সন্মুখত চোৰে চলালে লুটপাত। ঘৰত কোনো নথকাৰ সুযোগত লুটি লৈ গল চাৰি তোলা সোণৰ আ-অলংকাৰসহ নগদ পোন্ধৰ হাজাৰকৈ টকা।

ঘৰৰ গৰাকী অৰ্চনা ভূঞা ঘৰত নথকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো। ইয়াৰ উপৰি, চোৰে চুৰিকাণ্ড সংঘটিত কৰি পাকঘৰৰ পৰা কাজু আৰু শীতল পানীয় খাই পলায়ন কৰে।

আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।