খহনীয়াগ্ৰস্ত ৰাইজৰ পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ কাম খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰীৰ

 08/03/2019 - 14:21

কলিয়াবৰঃ কলিয়াবৰৰ বৰঘূলীৰ খহনীয়াগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ কাম খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি দুৰ্ভগীয়া ৰাইজলৈ। শুকুৰবাৰে বিয়লি কলিয়াবৰৰ বৰঘূলী অঞ্চলৰ এখন সভাত উপস্থিত থাকি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই খহনীয়াগ্ৰস্ত ৩৪১ টা পৰিয়ালৰ মুঠ ২৭৮৮ জন লোকৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ কাম খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি দিয়ে দুৰ্ভগীয়া পৰিয়ালকেইটিক। ইতিমধ‍্যে ৰাজহ বিভাগে খহনীয়াগ্ৰস্তৰ তালিকাও প্ৰস্তুত কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উক্ত সভাতে জানিবলৈ দিয়ে। আনহাতে বিদ‍্যালয়ৰ অস্থায়ী শিৱিৰসমূহ স্থানান্তৰিত কৰা বাবে কলিয়াবৰ মহকুমা প্ৰশাসনক যাৱতীয় পদক্ষেপ ল'বলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

কিয়নো গৰমৰ বন্ধৰ পিছতো শিৱিৰৰ বাবে বন্ধ হৈ থকা বিদ‍্যালয়কেইখনৰ পাঠদান সোনকালে আৰম্ভ কৰিব পৰা যায় তাৰ বাবে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। তদুপৰি বৰঘূলী অঞ্চলৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে খৰতকীয়া ব‍্যৱস্থা ল'বৰ বাবে জল সম্পদ বিভাগে কেইবাখনো আঁচনি হাত লৈছে বুলি মুকলি সভাত ৰাইজক অৱগত কৰে।

অৱশ্যে বিভাগীয় অনুমতিৰ পিছতেই যাবতীয় কামসমূহ দুমাহৰ ভিতৰত শেষ কৰা হ'ব আৰু এই বৰ্ষৰ বাৰিষাৰ পিছতেই এই দিশত সু-পৰিকল্পিতভাবে কাম আৰম্ভ কৰি অহা বাৰিষাৰ আগতেই সকলো কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগৰ ফালৰ পৰা সকলো ব‍্যৱস্থা লোৱাৰ আশ্বাস দিয়ে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই।

অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই শুকুৰবাৰে বিয়লি বৰঘূলীৰ অঞ্চলৰ এখন ৰাজহুৱা সভাত উপস্থিত থকাৰ পাছতে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি খহনীয়াগ্ৰস্ত লোকসকলৰ সমস‍্যাৰ বুজ লয়। এই সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগকে প্ৰমুখ্যে কৰি বিভাগীয় বিষয়া-বৰ্গ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।