মানকাচৰত পশুধন চিকিৎসা শিবিৰ

 08/03/2019 - 14:25

মানকাচৰঃ আজি মানকাচৰ সমষ্টিৰ অন্তৰ্গত কাঠালবাৰী অঞ্চলত অসম যুৱ পৰিষদ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা পশুপালন বিভাগৰ সহযোগত পশুধন চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

উক্ত শিবিৰত জিলা পশুপালন বিভাগৰ মহকুমা পশুপালন বিষয়া ড° চান্দ মোহাম্মাদ আৰু পশু চিকিৎসক ড° খন্দকাৰ আব্দুছ ছাত্তাৰ, ক্ষেত্ৰ সহায়ক মিনাল হক চৌধুৰী, আব্দুছ ছালাম মণ্ডল, ৰেশিম আহমেদ আৰু আমজাদ আলীৰ লগতে বিভাগৰ সহকাৰীসকলৰ উপস্থিতিত মুঠ ৮৫০টা জীৱ-জন্তু আৰু হাঁহ-কুকুৰাক বিনামূলীয়াকৈ প্ৰতিষেধক চিটা, গৰু-ছাগলীৰ বিভিন্ন ৰোগৰ চিকিৎসা আৰু ঔষধ-পাতি বিতৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।