শ্বেতা হত্যাকাণ্ডৰ ৰায়দান

 08/03/2019 - 14:42

ডিজিটেল ডেস্কঃ শনিবাৰে শ্বেতা হত্যাকাণ্ডৰ শাস্তি ঘোষণা৷

ফাঁচীৰ হুকুম মূল অভিযুক্ত গোবিন্দ সিংঘালক৷

ভনীয়েক ভবানী সিংঘাল আৰু মাতৃ কমলা দেৱী সিংঘালক যাৱৎজ্জীৱন কাৰাদণ্ড৷

কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিলে এই শাস্তি৷

শ্বেতা হত্যাকাণ্ড সম্পূৰ্ণ পৰিকল্পিত হত্যা বুলি প্ৰমাণিত হ’ল আদালতত৷

গোবিন্দৰ প্ৰেমৰ প্ৰস্তাৱ বাৰে বাৰে নাকচ কৰা বাবেই হত্যা কৰা হৈছিল শ্বেতাক৷

শ্বেতাৰ দেহত ১৩ স্থানত আঘাত কৰিছিল গোবিন্দই৷

আদালতে শাস্তি ঘোষণা কৰাৰ লগতে শ্বেতাৰ পৰিয়ালক ৫ লাখ টকা দিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।