নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

 08/03/2019 - 14:58

লখিমপুৰঃ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন আৰম্ভ এজেওৱাইচিপিৰ৷ অসমৰ দল-সংগঠনৰ প্ৰতিবাদ আৰু বিশেষজ্ঞৰ মতামতক আওকান কৰি ব্যাপক হাৰত চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম৷ সেউজ ন্যায়াধীকৰণে অলপতে বৃহৎ নদীবান্ধটোৰ ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰাৰ পিছতেই এতিয়া ক্ৰমাৎ উত্তপ্ত হ’বলৈ গৈ আছে লখিমপুৰ-ধেমাজি৷

শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰৰ ৰঙানদীৰ পাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কোনোপধ্যেই বৃহৎ নদীবান্ধটোৰ নিৰ্মানকাৰ্য সম্পূৰ্ণ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে৷ ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্থিতিৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে৷ অহা ৫ আগষ্টত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী, অহা ১০ আগষ্টত ৰাজ্যজুুৰি ১০০ ঘণ্টীয়া সৰ্বাত্মক অৱৰোধৰ কাৰ্যসূচী, ২০ আগষ্টত বৃহৎ প্ৰতিবাদী মানৱ শৃংখলৰ পিছতে এই মাহতে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।