ৰঙিয়াত দ' খাৱৈত বাগৰি পৰিল চিলিণ্ডাৰভৰ্তি ট্ৰাক

 08/03/2019 - 15:03

ৰঙিয়াঃ ৰঙিয়াৰ জামতোলাত অঘটন। পথৰ দাঁতিৰ পৰা দ' খাৱৈত বাগৰি পৰিল চিলিণ্ডাৰভৰ্তি ট্ৰাক। দ' খাৱৈত পৰিল ট্ৰাকখনত থকা চিলিণ্ডাৰসমূহ। কোনোমতে প্ৰান ৰক্ষা চালক হেণ্ডিমেনৰ।

বটাকুছিৰ গংগাপ্ৰিয়া গেছ এজেন্সিলৈ গৈ আছিল ট্ৰাকখন। পথ নিৰ্মাণত নিয়োজিত ঠিকাদাৰৰ গাফিলতি আৰু মইমতালিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।