প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ নতুন পথ নিমাৰ্ণ কাৰ্যত দুৰ্নীতিঃ স্থানীয় ৰাইজ প্ৰতিবাদ

 08/03/2019 - 15:19

মৰাণঃ মৰাণ নগৰলৈ যাতায়াত কৰা একমাত্ৰ মূল পথটো বিধ্বস্ত হৈ পৰাত ৰাইজে জলা কলা খাইছে৷ ১নং খাদৰ পৰা বালিখুটি, হাতীমৰালৈ মুঠ দৈঘ্য ৪.৩৮ কি.মি.ৰ এই পথটো নিম্ন মানৰ কাম কৰা কাৰ্যক লৈ উত্তাল হৈ পৰে স্থানীয় ৰাইজ। ঠিকাদাৰ পবিত্ৰ শইকীয়াৰ নামত সোণাৰিৰ পিটাৰচন আগৰৱালাই মৰাণ-সোণাৰি সংযোগি ১নং খাদৰ পৰা বালিখুটি, হাতীমৰা লৈকে যোৱা পথটোৰ কাম কৰি আছে৷ শিলৰ ওপৰত বালি নিদি মাটি পেলোৱাত ৰাইজে আজি মাটি পেলোৱা বন্ধ কৰে৷ আলিৰ দুয়ো পাৰত বাহিৰৰ পৰা বামৰ মাটি আনি নিদিয়াকৈ পথৰ কাষৰ পৰাই মাটি কাটি দিয়া পৰিলক্ষিত হৈছে৷

গোটা শিল আৰু ডাঙৰ শিল দিয়াত বাইকৰ পৰা পৰি দুৰ্ঘটনা হোৱাৰো অভিযোগ পোৱা গৈছে৷ লগতে পথৰ দুয়ো কাষৰ পৰাই মাটি খন্দাত পথচাৰীৰ বিপদ হোৱাৰো আশংকা কৰা হৈছে৷ ৰাইজে বহুবাৰ আপত্তি কৰাৰ পিছতো ঠিকাদাৰজন গুৰুত্ব নিদি ৰোলাৰ ড্ৰাইভাৰ অন্যান্য কৰ্মচাৰীৰ দ্বাৰা ৰাইজক ভাবুকিহে দিয়া বুলিও অভিযোগ পোৱা গৈছে৷ ঠিকাদাৰজনে শীঘ্ৰে মাটিৰ পৰিবৰ্তে বালি পেলোৱাৰ ব্যৱস্থা নকৰিলে কাম বন্ধ কৰাৰ হুমকি দিছে স্থানীয় ৰাইজে৷ চৰাইদেউ জিলা উপায়ুক্তক ফোনেৰে জনাইছে যদিও কোনো গুৰুত্ব দিয়া নাই বুলিও অভিযোগ কৰিছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।