এইবাৰ আৰ জে ৰূপত হত্যাকাৰী

 08/03/2019 - 15:37

ডিজিটেল ডেস্কঃ ‘লাগে ৰহো মুন্না ভাই’ চিনেমাখনত বিদ্যা বালানে গুড মৰ্ণিং মুম্বাই বুলি কোৱা সেই কণ্ঠ আজিও সকলোৰে মনত সাঁচ বহি আছে। কিন্তু বিদ্যা বালানৰ দৰে যদি এগৰাকী হত্যাকাৰীয়ে পুৱাই ৰেডিঅ’ত সুপ্ৰভাত জনাই তেনেহ’লে কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব। আগ্ৰাৰ জিলা কাৰাগাৰৰ কৰ্তৃপক্ষই কয়দীৰ বাবে নিজাববীয়াকৈ ৰেডিঅ’ খুলি তাৰে কয়দীসকলক আৰ জে হিচাপে নিযুক্তি দি কয়দীসকলৰ মন পছন্দৰ গীত শুনোৱা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আগ্ৰাসৰ জিলা কাৰাগাৰখনেই দেশৰ প্ৰথমখন জে’ল য’ত কয়দীসকলে এই সুবিধা লাভ কৰিছে। আৰ জে হিচাপে নিযুক্তি দিয়া কয়দীকেইগৰাকী হ’ল তুহিনা আৰু উদয়। এই দুগৰাকী কয়দীক হত্যাৰ অভিযোগত কাৰাদণ্ড দিয়া হৈছিল। জানিব পৰা মতে কাৰাগাৰৰ ভিন্ন ভিন্ন কক্ষ বনোৱা হৈছে আৰু ৰেডিঅ’ কক্ষসমূহৰ নাম ‘জিলা কাৰাগাৰ আগ্ৰা ৰেডিঅ’ ৰখা হৈছে।

‘তিনকা তিনকা’ অভিযানৰ দ্বাৰা কয়দীসকলক প্ৰশিক্ষণ দিব কাৰাগাৰৰ সংস্কাৰক ভাৰ্তিকা নন্দাই। বিয়লি ৩ বজাৰ পৰা ৪ বজালৈ কয়দীসকলৰ বাবে এক অনুষ্ঠান আয়োজন কৰা হ’ব, য’ত ৩০০০ কয়দীয়ে অংশগ্ৰহণ কৰিব বুলি কাৰাগাৰৰ সংস্কাৰকগৰাকীয়ে জনায়।

লগতে এই ৰেডিঅ’ অনুষ্ঠানৰ মূল উদ্দেশ্য সন্দৰ্ভত জনাই যে কয়দীসকলৰ শিক্ষা উন্নত কৰাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস দৃঢ় কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। জে’ল অধ্যক্ষ শশীকান্ত মিশ্ৰই কয় যে এই পদক্ষেপ সফল কৰাই তেওঁৰ মূল উদ্দেশ্য। ৩১ জুলাইত কয়দীসকলৰ লগত থকা শিশুসকলৰ এক গীত প্ৰস্তুত কৰি সম্প্ৰচাৰ কৰা হয়। আগ্ৰাৰ কাৰাগাৰৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰাৰ লগতে সফল কামনা কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।