মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ নিৰ্দেশক ভেঙুচালি যোগান বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ

 08/03/2019 - 15:54

নগৰবেৰাঃ দীৰ্ঘদিনৰে পৰা নগৰবেৰাৰ টুপামাৰীত ৰাজ সাহায্যযুক্ত ৰন্ধন গেছৰ বৃহৎ কলা বজাৰ চলি থকাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি যোগান বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদত বকোৰ নন্দিনী আৰু বন্দাপাৰাৰ ললিত মনি গেছ এজেন্সীৰ ছত্ৰছায়াত শ্বহিদুল ইছলাম নামৰ মধ্যভোগীয়ে চলাই আছে ৰন্ধন গেছৰ এই বৃহৎ কলা বজাৰ। প্ৰকৃত মূল্যতকৈ প্ৰতিটো ৰন্ধন গেছত ২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত অধিক মূল্য সংগ্ৰহ কৰে মধ্যভোগীয়ে। অৰ্থাৎ বৰ্তমানেও টুপামাৰীত গ্ৰাহকে প্ৰতিটো ৰাজ সাহায্যযুক্ত ৰন্ধন গেছৰ মূল্য ভৰিব লাগে ৯০০ ৰ পৰা ৯৫০ টকা।

কেৱল এয়াই নহয় চৰকাৰে ৰন্ধন গেছৰ নামত প্ৰদান কৰা ৰাজ সাহায্যও নাযায় গ্ৰাহকৰ একাউণ্টত। কিয়নো অঞ্চলটোৰ প্ৰায় ৬/৭ হাজাৰ গ্ৰাহকৰ সমস্ত গ্ৰাহক কাৰ্ড জমা ৰাখে শ্বহিদুল ইছলামৰ ঘৰত। এই কাৰ্ডসমূহ নিজ মৰ্জি মতে বাছি বাছি ৰিফিল কৰে শ্বহিদুলে। ফলত বহু গ্ৰাহকে নাপায় ৰাজ সাহা্য্যৰ ধন। দীৰ্ঘদিনৰে পৰা অঞ্চলটোৰ প্ৰায় ৬/৭ হাজাৰ গ্ৰাহকক এনেদৰেই ঠগ প্ৰৱঞ্চনাৰে লুণ্ঠন চলাই আছে এই সকল মধ্যভোগীয়ে।

এই বিষয়ে অতিষ্ঠ গ্ৰাহকে অভিযোগ দিয়ে মন্ত্ৰী ফনী ভূষন চৌধুৰীক। লগে লগে তদন্তৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীৰ নিৰ্দেশত যোগান বিভাগৰ আমিনগাঁও কাৰ্যালয়ৰ দুগৰাকী বিষয়া মঙলবাৰে উপস্থিত হয় টুপামাৰীত। পিছে বিষয়া দুগৰাকীয়ে বিষয়টোৰ ওপৰত সঠিক তদন্ত নকৰি মধ্যভোগীসকলৰ সৈতে গোপন বুজাবুজি কৰি গুচি যোৱাৰ অভিযোগ তুলিছে গ্ৰাহকসকলে। মন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰা বিষয়া দুগৰাকীৰ লগতে এইসকল মধ্যভোগীৰ বিৰুদ্ধে বিহীত ব্যৱস্থাৰ দাবী জনাইছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।