ৰাজ্যত পুনৰ বহিৰাগতৰ গুণ্ডাগিৰিঃ তিতাবৰত বহিৰাগত বনিয়াই কাঢ়ি নিলে সাংবাদিকৰ মাইক্ৰফোন

 08/03/2019 - 16:08

তিতাবৰঃ শুকুৰবাৰে তিতাবৰত দুজন দণ্ডাধীশ, এগৰাকী শ্ৰম পৰিদৰ্শক আৰু তিতাবৰ পৌৰসভাৰ পৌৰপতিয়ে চাদেন ভিজিত দিছিল তিতাবৰৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানত। কিন্তু তিতাবৰ মহকুমাধিপতিৰ কার্যালয় সমীপত থকা নাৰায়ণ গটানী মালিকাধীন প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰি কেইবাটাও অনিয়ম দেখা পাইছিল এই পৰিদৰ্শনকাৰী দলটোৱে। শ্ৰমিকক ৮ ঘণ্টাৰ সলনি ১০-১২ ঘণ্টা শ্ৰম কৰাই আৰু দৈনিক মজুৰি ২৬৫ টকাৰ বিপৰীতে শ্ৰমিক প্ৰদান কৰে মাত্ৰ ২৪০ টকা।

তেনেধৰণৰ কেতবোৰ অনিয়মৰ সন্দৰ্ভত পৰিদৰ্শনকাৰী দলটোৱে নথি পত্ৰসমূহ চাব বিচৰাত এইজন বহিৰাগত বণিয়া নাৰায়ণ গটানীয়ে সকলো নথি পত্ৰ ঠিকেই আছে বুলি উদ্ভণ্ডালি কৰি পৰিদৰ্শনকাৰী দলটোক অভব্য আচৰণ কৰে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিতাবৰ পৌৰসভাৰ পৌৰপতি ৰাজীৱ দত্তই তিতাবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে তিতাবৰ আৰক্ষী থানাত উপস্থিত হয় বহিৰাগত বণিয়া নাৰায়ণ গটানী।

আৰক্ষীয়ে সোধপোছ কৰাৰ পিছত সাংবাদিকে তেখেতৰ মন্তব্য ল’বলৈ যাওঁতে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মাইক্ৰফোনটো কাঢ়ি লয়। পিছত সাংবাদিকজনক প্ৰাণে মৰাৰ ভাবুকি দিয়ে। উল্লেখযোগ্য যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সাংবাদিকজনে তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও কিন্তু আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা নগ’ল।

ইয়াৰ পিছতে তিতাবৰৰ কেইবাটাও জাতীয় সংগঠন ক্ৰমে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা অসম, তিতাবৰ মহকুমা চুতীয়া ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে সাংবাদিকজনক কৰা অপমান আৰু প্ৰাণে মৰাৰ ভাবুকিৰ ওপৰত বিহীত ব্যৱস্থা লবলৈ দাবী জনাই এজাহাৰ দাখিল কৰে। ইয়াৰ পূৰ্বেও এইজন টকাৰ ক্ষমতাত মাতাল বহিৰাগত বণিয়া নাৰায়ণ গটানীয়ে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মাইক্ৰফোন কাঢ়ি দলিয়াই দিয়াৰো অভিযোগ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।