শ্ৰমিক আইনৰ সংশোধনৰ প্ৰতিবাদত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ 'জুৱা'ৰ স্মাৰক পত্ৰ

 08/03/2019 - 16:24

নগাঁওঃ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক আইনৰ সংশোধন কৰি সাংবাদিকৰ বাবে থকা লকিং জাৰ্ণেলিষ্ট এক্ট তথা দৰমহা আয়োগ বাতিল কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাত 'জুৱা'ৰ নগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ জনায়। ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ আহ্বান ক্ৰমে আজি জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসম (জুৱা)ৰ নগাঁও জিলা সমিতিয়ে এই আইন সংশোধনৰ বাতিলৰ দাবীত নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

ইউনিয়নৰ জিলা সভাপতি কবিন গায়ন আৰু সহকাৰী সম্পাদক মহিব উল্লাহৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে শ্ৰম আইন সংশোধন কৰি সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত তৎকালে বাতিল নকৰিলে ইউনিয়নে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে। এই কাৰ্যসূচীত 'জুৱা'ৰ ৰাজ্যিক উপ সভাপতি পলাশ ৰঞ্জন দাস, কলিয়াবৰ জিলা গোটৰ সভাপতি নীল ৰঞ্জন শৰ্মা, সাংবাদিক বিকাশ শৰ্মা, পংকজ শৰ্মা, ৱাহিদুদ জামান, পদুম কলিতা, দিগন্ত ভূঞা আদিয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।