নয়ডাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮, আহত ৩০

 03/29/2019 - 12:40

নয়ডাঃ দেশত সঘনাই বৃদ্ধি পাইছে পথ দুৰ্ঘটনাজনিত ঘটনা। আজি পুৱাতেই পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দিল্লীৰ নয়ডাত। নয়ডাৰ যমুনা এক্সপ্ৰেছৱেইত এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত থিতাতে নিহত হয় ৮জনকৈ যাত্ৰী।

এই ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ ফলত ৩০ জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। আহত যাত্ৰীকেইগৰাকীক আৰক্ষীৰ সহায়ত স্থানীয় লোকে ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰিছে। দুগৰাকীমানৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.