দুলীয়াজানত বেটাৰী চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত ২ চোৰঃ কথমপি প্ৰাণ ৰক্ষা

 08/03/2019 - 16:37

দুলীয়াজানঃ বৰপেটাৰ পৰা শ্ব’লাৰ লাইটৰ বেটাৰী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে দুটা গভাইত চোৰ। উল্লেখযোগ্য যে দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ নীপকু সমিপৰ বাঁহনী গাঁৱত নীপকুৱে ৰাইজৰ সুবিধাৰ্থে পথৰ দাঁতিত স্থাপন কৰিছিল ষ্ট্ৰীট লাইট৷ কিন্তু এই ষ্ট্ৰীট লাইট প্ৰদান কৰা পিছৰেই পৰা নিতৌ চোৰে লাইটৰ বেটাৰী চুৰি কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। অন্য দিনাৰ দৰে শুকুৰবাৰে চোৰে বেটাৰী চুৰি কৰিবলৈ আহি হাতে লোটে ধৰা পৰে। ঘটনা কেওফালে বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে ৰাইজ একত্ৰিত হোৱাত পৰিস্থিতি উত্তপ্ত হয়।

পিছত উত্তেজিত ৰাইজে চোৰ দুটাক খুঁটাত বান্ধি উত্তম-মাধ্যম সোধায়। ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা চোৰ দুটাক দুলীয়াজানৰ অইল মেডিকেললৈ আনে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে ধৃত চোৰ দুটা বৰপেটা জিলাৰ ৰফিক আলী আৰু চুৰাব আলী। অন্যহাতে উত্তেজিত ৰাইজে বেটাৰী চোৰৰ লগত জড়িত অলিল গুপ্তা নামৰ লোহা ব্যৱসায়ীৰ ৰঙাগড়াস্থিত লোহাৰ ডেম্পটো জ্বলাই ধ্বংস কৰে। ইফালে এই ঘটনা সন্দৰ্ভত ভাদৈ আৰক্ষীয়ে দুলীয়াজানৰ দুজন ব্যৱসায়ীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।