পানীৰ তলত বৰদলনী শিক্ষা খণ্ড প্ৰায় ১০ খন বিদ্যালয়

 08/03/2019 - 17:27

ঢকুৱাখনাঃ ঢকুৱাখনাৰ ঘিলামৰাত জীয়াঢল, চামপৰাৰ বাঢ়নী পানীয়ে উটুৱাই নিলে গড়কাপ্টানি পথৰ দলং৷ তদুপৰি বানে বুৰালে বহু বাট-পথ, স্কুলৰ চৌহদ। মধ্য চামপৰা জয়া এম.ই স্কুল আৰু মধ্য চামপৰা জয়া পৰা নাই। বানে প্ৰতিবছৰে স্কুলকেইখন বুৰাই পেলাই জীয়াঢল বলিয়া বানে নষ্ট কৰিছে বহু সম্পত্তি।

এই ক্ষেত্ৰত চৰকাৰৰ কোনো গুৰুত্ব নোহোৱাত হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া বোকা-পানীৰ মাজেৰে নামি স্কুললৈ খোজকাঢ়ি যাব লগা হৈছে। অন্যহাতে বৰদলনী শিক্ষা খণ্ডৰ অন্তৰ্গত চুতীয়াকাৰি বেটনি সুলা ৰটুৱা অঞ্চলত প্ৰায় ১০ খন বিদ্যালয় পানীৰ মাজত আছে৷ ফলত বহু ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহিব নোৱাৰাত পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।