ডকাইতি কৰিবলৈ গৈ অভয়াপুৰী আৰক্ষীৰ হাতত আটক ৭ ডকাইত

 08/03/2019 - 17:42

অভয়াপুৰীঃ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি সংঘটিত কৰাৰ সময়তে কালি নিশা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় সাতজনকৈ দুৰ্ধৰ্ষ ডকাইত। প্ৰাপ্ত বাতৰি মতে কালি নিশাৰ ভাগত সাত জনীয়া ডকাইতৰ দল এটাই অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত বইটামাৰী আৰক্ষী চকী এলাকাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ১৭এফ ১১৫৭ নম্বৰৰ মাৰুতি ৮০০ গাড়ী খন আগচি ধৰি লুটপাত আৰম্ভ কৰে। ডকাইতৰ দলটোৰ আগমণত শংকিত হৈ পৰা গাড়ী আৰোহীজনে চিঞৰ বাখৰ কৰাত বিষয়টো বইটামাৰী আৰক্ষীৰ তহলদাৰী দলৰ দৃষ্টি গোচৰ হয়।

আৰক্ষীৰ তহলদাৰী দল লগে লগে ঘটনাস্থলীত উপস্থিত হোৱাত স্কৰপিঅ' গাড়ীত অহা ডকাইতৰ দলটোৱে গাড়ীত উঠি তীব্ৰবেগে উত্তৰ শালমাৰা দিশে পলায়ন কৰাত আৰক্ষীয়েও পিচে পিচে চোচা লয়। দীৰ্ঘসময় জুৰি খেদা খেদিৰ অন্তত ৩১নং ঘাইপথৰ গৰাইমাৰীত আৰক্ষীয়ে ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ডকাইতকেইটা গৰাইমাৰীৰ তহিবুল মণ্ডল, চাড্ডাম হুছেইন, জাহিদুল ইছলাম, আবু চৈয়দ খান, আব্দুল মজিদ, চবুৰ আলী আৰু ৰফিকুল আলী আকণ্ড বুলি চিনাক্ত কৰা হয়। ডকাইতিত ব্যৱহাৰ কৰা এ এছ ১৬ বি ৬৫৫৫ নম্বৰৰ স্কৰপিঅ' গাড়ীখনো আৰক্ষীয়ে জব্দ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।