সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী

 08/03/2019 - 17:51

গোৰেশ্বৰঃ সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী৷ ২ আগষ্টৰ ৭ আগষ্টলৈ বৰ্জন কৰিব শ্ৰেণীবৰ্জন। এইবাৰ আন্দোলনত সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাই৷ চৰকাৰ তথা শিক্ষাবিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবে আন্দোলনত নামিছে একাংশ শিক্ষকসমাজ৷ বাক্সাৰ গোৰেশ্বৰতো ঠিকাভিত্তিক শিক্ষকসকলে পালন কৰিছে শ্ৰেণীবৰ্জন কাৰ্যসুচী৷ ফলত হাহাকাৰৰ সৃষ্টি হৈছে ঠিকাভিত্তিক শিক্ষকে শ্ৰেণীবৰ্জন কৰা বিদ্যালয়সমূহ৷

২০১৬ চনত হোৱা কেবিনেটৰ সিদ্বান্ত কাৰ্যকৰী কৰি বিনাস্বৰ্তে নিয়মীয়াৰকৰণ কৰাৰ দাবীত শ্ৰেণীবৰ্জন কাৰ্যসুচী হাতত লৈছে৷ যদিহে শীঘ্ৰে ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়াকৰণ নকৰে তেন্তে অনাগত দিনত এটাৰ পাছত আন এটা আন্দোলন কাৰ্যসূচী ঘোষণা কৰিব বুলি সদৰি কৰিছে সংস্থাটোৱে৷ বাক্সা জিলাৰ সমিতিৰ সভাপতি পংকজ দাস আৰু সম্পাদক প্ৰণৱ বৰ্মন, কমলেশ্বৰ দাসে আজি এইদৰে জানিব দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।